ETV Bharat / state

বাক্সাৰ তামুলপুৰত বিজেপিৰ জনজাগৰণ সভা

author img

By

Published : Sep 30, 2019, 12:52 PM IST

বাক্সাৰ তামুলপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় একতা অভিযান । কোকৰাঝাৰ লোকসভা সমষ্টিভিত্তিক জনজাগৰণ সভা । বিজেপিলৈ বহু নতুন সদস্যৰ যোগদান ৷

বাক্সাৰ তামুলপুৰত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা

তামুলপুৰ,30 চেপ্টেম্বৰ: বাক্সা জিলাৰ বিজেপিৰ উদ্যোগত কোকৰাঝাৰ লোক সভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত কৰা হয় । সভাত অংশগ্ৰহণ কৰি ঢেকীয়াজুলী সমষ্টিৰ বিধায়ক তথা জিএম ডিৰ অধ্যক্ষ অশোকানন্দ সিংঘালে বিটিচিত বিজেপিৰ বাদে উন্নয়নৰ কোনো বিকল্প নাই বুলি মন্তব্য কৰে । এন আৰ চি সম্পৰ্কত বক্তব্য প্ৰদান কৰি তেওঁ এই তালিকাক মানি নলয় বুলি জনায় ৷

কাশ্মীৰৰ ৩৭০অনুচ্ছেদ ৩৫(ক) ধাৰা সম্পৰ্কত তেওঁ কয় যে, চৰকাৰে কাশ্মীৰৰ বাবে যিমান টকা পইচা দিলে , তাৰ কোনো হিচাপ নাই । ৮ শতাংশ ভোটাৰে নিৰ্বাচিত কাশ্মীৰ চৰকাৰে ৩৭০ অনুচ্ছেদৰ বাবে দূৰ্নীতি কৰি আছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মতামত আগবঢ়ায় । সভাখনত এমট্ৰণৰ অধ্যক্ষ ঋতুপৰ্ণ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস আৰু ৩৭০-৩৫(ক)ৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় ।

বাক্সাৰ তামুলপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় একতা অভিযান
দেওবাৰৰ সভাখনত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতা বৰগয়াৰী, চিৰাং জিলাৰ সভাপতি বিপ্লৱ দে, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ ধৰ্মনাৰায়ণ দাস, অসম নেপালী সভাৰ প্ৰাক্তন সভাপতি অৰ্জুন চেত্ৰী, বাক্সা জিলাৰ বিজেপিৰ সভাপতি ৰাজেশ বড়ো আৰু যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক উপস্থিত থকাৰ লগতে উক্ত সভাতে কংগ্ৰেছ দলকে ধৰি বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

Intro:বাক্সাৰ তামুলপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় একতা অভিযান ।
কোকৰাঝাৰ লোক সভা ভিত্তিক জনজাগৰণ সভা ।

Body:বাক্সা জিলাৰ বিজেপিৰ উদ্যোগত আজি কোকৰাঝাৰ লোক সভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এখন জনজাগৰণ সভা অনুষ্ঠিত কৰা হয় । সভাত অংশ গ্ৰহণ কৰি ঢেকীয়াজুলী সমষ্টিৰ বিধায়ক তথা জিএম ডিৰ অধ্যক্ষ অশোকানন্দ সিংঘালে এইদৰে কয় যে বিটিচিত বিজেপি দলৰ বাহিৰে অন্য কোনো দলে উন্নয়ন কৰিব । লগতে সদ্য প্ৰকাশিত এন আৰ চি সম্পৰ্কত বক্তব্য প্ৰদান কৰি তেওঁ পুন কয় যে এন আৰ চি আমি মানি লব নোৱৰো । এন আৰ চিৰ দ্বাৰা বিদেশীক স্বদেশী,স্বদেশীক বিদেশী কৰা হল । এই এন আৰ চি ভাৰতীয় জনতা পাৰ্টীয়ে মানি লব নোৱাৰে। দিল্লীত যেতিয়ালৈকে বিজেপি চৰকাৰ থাকে তেতিয়ালৈ কোনো ভয় নাই । কাশ্মীৰৰ ৩৭০অনুচ্ছেদ ৩৫(ক) ধাৰা সম্পৰ্কত বক্তব্য প্ৰদান কৰি তেওঁ কয় যে চৰকাৰে কাশ্মীৰৰ বাবে যিমান টকা পইচা দিলে তাৰ কোনো নিকাচ লব নোৱাৰে । ৮ শতাংশ ভোটাৰে নিৰ্বাচিত কাশ্মীৰ চৰকাৰে ৩৭০ অনুচ্ছেদৰ বাবে দূৰ্নীতি কৰি আছে । ইয়াৰ পুৰ্বে বক্তব্য প্ৰদান কৰি এমট্ৰণৰ অধ্যক্ষ ঋতুপুৰ্ণ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস আৰু ৩৭০-৩৫(ক)ৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ।

Conclusion:আজিৰ সভাত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতা বৰগয়াৰী,চিৰাং জিলাৰ সভাপতি বিপ্লৱ দে,নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ ধৰ্মনাৰায়ণ দাস,অসম নেপালী সভাৰ প্ৰাক্তন সভাপতি অৰ্জন চেত্ৰী, বাক্সা জিলাৰ বিজেপিৰ সভাপতি ৰাজেশ বড়ো আৰু যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক উপস্থিত থকাৰ লগতে উক্ত সভাতে কংগ্ৰেছ দলকে ধৰি বিভিন্ন দল সংগঠনৰ কেইবাগৰাকী ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

ভাষ্য : অশোকানন্দ সিংঘাল ঢেঁকীয়াজুলীৰ বিধায়ক ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.