তামুলপুৰ,26 নৱেম্বৰ : তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ৰ শিক্ষকে বিদ্যালয়ত উপস্থিত নোহোৱাকৈয়ে লাভ কৰে চৰকাৰী দৰমহা ৷ জানিব পৰা মতে, তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৭২ চনতে স্থাপিত হাজিৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নৰেশ্বৰ দাস নামৰ শিক্ষক গৰাকীয়ে বিগত দুই বছৰে বিদ্যালয়ত উপস্থিত হোৱা নাই । কিন্তু তেওঁৰ হাজিৰা বহীত প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হোৱাৰ স্বাক্ষৰ কৰা দেখিবলৈ পোৱা গৈছে । কাৰণ শিক্ষকগৰাকীয়ে এজন স্থানীয় যুৱকক নিজৰ ঠাইত হাজিৰা দি বিদ্যালয়ৰ বহীত স্বাক্ষৰ কৰাই আহিছে । এই কথা সংবাদ মাধ্যমক জনাই তেওঁৰে নিজৰ সহকৰ্মী ধনজিত দাস নামৰ শিক্ষক গৰাকীয়ে ৷ লগতে তেওঁ সংবাদ মাধ্যমক জনায় যে, আজিলৈকে শিক্ষকগৰাকীক বিদ্যালয়ত দেখা পোৱা নাই ৷
লগতে আৰু খৱৰৰ বাবে পঢ়ক:সাত দশকৰ পাচতো বৰ্তমানেও প্ৰাসংগিক সংবিধান : প্ৰকাশ আম্বেদকাৰ