বাক্সা,27 ডিচেম্বৰ: 2020ক বিদায় দি সকলোৱে আৰম্ভ কৰিছে এটি নতুন বছৰক আদৰাৰ প্ৰস্তুতি ৷ বিগত প্ৰায় 6/7 মাহে কৰ’ণা মহামাৰীৰ বাবে নিজৰ ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল বিশ্ববাসী ৷ যাৰ বাবে বছৰটোৰ শেষত নিজৰ আত্মীয় তথা বন্ধুবৰ্গৰে কিছু সময় অতিবাহিত কৰাৰ বাবে বিভিন্ন বনভোজস্থলী সমূহত ভিৰ কৰিছে বনভোজকাৰী দলসমূহে ৷ সেই একেই ছবি দেখিবলৈ পোৱা গৈছে বাক্সা জিলাৰ সুৱনখাটা বনভোস্থলীত ৷
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সুৱনখাটাতো প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ লগতে লগে ভাগে এসাজ খোৱাৰ ইচ্ছাৰে প্ৰতিবছৰে ভিৰ কৰে বিভিন্ন বনভোজকাৰী দলসমূহে ৷ বিগত বৰ্ষত কা বিৰধী আন্দোলনে ৰাজ্যক জোকাৰি যোৱাৰ বাবে অঞ্চলটোলৈ বনভোজকাৰীৰ আগমন ঘটনা নাছিল যদিও এইবেলি পৰ্যটকেৰে ভৰি পৰিছে সুৱনখাটা ৷ আজি বছৰটোৰ শেষৰটো দেওবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক-অৰুণাচলৰ বিধায়কৰ পদত্যাগ জেডিইউৰ বাবে ক্ষতিকাৰকঃ আৰজেডি প্ৰবক্তা