ETV Bharat / state

বাক্সাত পিষ্টল দেখুৱাই ডকাইতে লুটিলে লক্ষাধিক টকা

author img

By

Published : Mar 20, 2021, 5:56 PM IST

বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ডকাইতিৰ কাণ্ড ৷ মুছলপুৰৰ এটা পেট্ৰ’ল ডিপোত ডকাইতে চলায় লুটপাত ৷ ডকাইতে লুটি লৈ যায় চাৰি লক্ষাধিক টকা ৷

বাক্সাত পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে লক্ষাধিক টকা

বাক্সা,২০ মাৰ্চ: বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত ৷ মুছলপুৰৰ এটা পেট্ৰ’ল ডিপোত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি ।

প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বাঙনাবাৰীত থকা এমএছএইছপি ফুৱেল ষ্টেচন নামৰ পেট্ৰ’ল ডিপোলৈ আহে দুই বাইক আৰোহী । ইয়াৰ পাচতে হঠাতেই ডিপোটোৰ স্বত্বাধিকাৰী মকুন্দ বাংচিয়াৰীক দুৰ্বৃত্ত দুজনে খুকুৰীৰে আক্ৰমণ কৰাৰ লগতে পিষ্টল দেখুৱাই দুই জাঁই গুলি ফুটাই নগদ চাৰি লক্ষাধিক টকা কাঢ়ি লৈ যায় ।

এই ঘটনাৰ পিছতে বাক্সা আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখে । বৰ্তমানলৈকে এই ঘটনাৰ সৈতে কোন জড়িত জানিব পৰা হোৱা নাই ৷

অন্য এক খবৰৰ বাবে: নিৰ্বাচনী পৰিৱেশ পৰ্যবেক্ষণৰ বাবে শিৱসাগৰত নৰেন্দ্ৰ সিং টোমৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.