বাক্সা,22অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দোংপাৰৰ পৰা ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিত ইউ পিপি এল দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰম্ভ হয় পদযাত্ৰা । বুধবাৰৰ পৰা আৰম্ভ হৈছে এই পদযাত্ৰা ৷ সমগ্ৰ বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলে বিভিন্ন পৰিষদীয় সমষ্টিৰ গাঁৱে-গাঁৱে পদযাত্ৰা কৰি আছে । আগন্তুক বিধানসভা নিৰ্বাচন তথা বিটিচিত চলি থকা দুৰ্নীতিৰ বিৰোধিতা কৰি এই পদযাত্ৰা আৰম্ভ কৰে ইউ পি পি এল দলে ৷
উল্লেখ্য যে, গয়বাৰী পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী তথা ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে দিয়া ভাষ্য অনুসৰি বিটিচিত বিপিএফ দলৰ ১৭ বছৰীয়া শাসন কালত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ পৰা ৰাইজক মুক্ত কৰাৰ উদ্দেশ্যৰে আৰু সজাগতাৰ প্ৰয়াষেৰে ইউ পি পি এল দলৰ পদযাত্ৰা । আজিৰ পদযাত্ৰাৰ শুভাৰম্ভণি কৰে গয়বাৰী পৰিষদীয় সমষ্টীৰ অন্তৰ্গত দোংপাৰ গাঁৱৰ সমাজকৰ্মী কালিচৰন ডেকাই । পদযাত্ৰা কাৰ্যসূচীত ইউ পিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতা লগতে গয়বাৰী ব্লক ইউ পি পি এল দলৰ দলীয় নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে ।
অন্য এক খবৰ: অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিণত গৌৰাং নদী পথ