ETV Bharat / state

কিয় বিপিএফ ত্যাগ কৰিব বিশ্বজিৎ দৈমাৰীয়ে?

author img

By

Published : Nov 17, 2020, 3:27 PM IST

অহা 22নৱেম্বৰত বিপিএফ দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ প্ৰতি বিতুষ্ট হৈ দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

press meet_biswajit_dairmary
সাংসদ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

বাক্সা,17নৱেম্বৰ: তামুলপুৰ মহকুমাৰ গয়বাৰী ব্লকত বিপিএফ সমিতিয়ে বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ প্ৰস্তুতি চলোৱাৰ কথা প্ৰকাশ কৰাৰ পাচতেই সৰৱ হৈ পৰে বিপিএফ দল ৷ দলৰ একাংশ কৰ্মীয়ে আজি পুৱা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মোছাহাৰীৰ প্ৰতিকৃতি দাহ কৰে ৷ সাংসদ গৰাকীৰ প্ৰতিকৃতি দাহ কৰাৰ পাচতেই সৰৱ হৈ পৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৷ দৈমাৰীয়ে তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ''মই বিপিএফ ত্যাগ কৰাৰ পিচত বিপিএফ দলটো অভিভাৱকহীন হৈ পৰিছে আৰু মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে । সেইবাবে এই দলটোৱে ত্যাগী নেতা-কৰ্মীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে'' বুলি মন্তব্য কৰে ৷

সাংসদ বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

অন্য এক খবৰৰ বাবে: হাউলীত উপস্থিত হৈ শ্বহীদক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ

সংবাদমেলত সাংসদ গৰাকীয়ে উল্লেখ কৰে যে,হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিগত সোঁতৰ বছৰে কোনো জনহিতকাৰী আঁচনি গ্ৰহণ নকৰিলে । বিগত সোঁতৰ বছৰে বিটিচিৰ উন্নয়নৰ বাবে কেন্দ্ৰই যোগান ধৰা ধন অপব্যৱহাৰ কৰি আহিছে। ফলত বিটিচিত সামগ্ৰীক উন্নয়ন স্থবিৰ হৈ পৰিছে ৷ বিপিএফ দল শাসনত আহিলে অহা দহ বছৰত এই দলটোৱে কোনো উন্নয়নৰ কাম কৰিব নোৱাৰে ৷ কিয়নো তিনি হাজাৰ কোটি টকা ধাৰত পোত গৈ আছে বিটিচি প্ৰশাসন ।

অন্য এক খবৰৰ বাবে: ধীৰাজে গ্ৰহণ কৰিছে জীৱনৰ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.