ETV Bharat / state

বাক্সাত কৃষকৰ মাজত হাহাকাৰ: ধানৰ পৰিৱৰ্তে ওলাল পতান

author img

By

Published : May 29, 2021, 2:49 PM IST

লক ডাউনে ৰাজ্যবাসীক জুৰুলা কৰা সময়তে বাক্সা জিলা শালবাৰীৰ খাৰিজা বিজনীত কৃষকক মাধমাৰ কলকতাৰ হাইব্ৰিড প্ৰজাতিৰ পান ছেটচ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ ৷ ঘটনাৰ সঠিক তদন্তৰ দাবী মথনগুৰী সমষ্টি ইউ পি পি এলৰ নেতা শ্বাহজাহান আলী আহমেদৰ ৷

baksa pedia story
বাক্সাত কৃষকৰ মাজত হাহাকাৰ: ধানৰ পৰিবৰ্তে পতান

বাক্সা, 29 মে' : কলকতাৰ হাইব্ৰিড প্ৰজাতিৰ পান ছেটচ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে বৰপেটাৰোড বীজ ভাণ্ডাৰৰ জৰিয়তে যোগান ধৰা ধানৰ খেতি দেখি মূৰে কপালে হাত দিবলগীয়াত হৈছে শালবাৰীৰ খাৰিজা বিজনীৰ কৃষকে ৷ বহু কষ্ট, শ্ৰম আৰু অৰ্থ ব্যয় কৰি বিঘাই বিঘাই উন্নত মানৰ ধানৰ খেতি কৰিছিল খাৰিজা বিজনী অঞ্চলৰ কৃষকে ৷ কিন্তু বিঘাই বিঘাই কৰা এই ধান খেতিত এতিয়া ধানৰ সলনি ওলাইছে কেৱল পতানহে ৷ যাৰবাবে এতিয়া ভাগি পৰিছে অঞ্চলটোৰ দৰিদ্ৰ কৃষক ৷

ইউ পি পি এলৰ মথনগুৰি সমষ্টিৰ যুৱ নেতা শ্বাহজাহান আলী আহমেদে বৃহত্তৰ অঞ্চলটোৰ ধান খেতি পৰিদৰ্শন কৰি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ তেওঁ বৰপেটাৰোডৰ একাংশ অসাধু ব্যৱসায়ীৰ জৰিয়তে ডুপ্লিকেচী কৰা বীজ ভাণ্ডাৰৰ বিৰুদ্ধে তৎপৰতাৰে তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰ তথা বিটিআৰৰ বিভাগীয় ই এমক আহ্বান জনায় ৷

বৰপেটাৰোড বজাৰৰ পৰা উন্নত প্ৰজাতিৰ বুলি PAN 816 নামৰ ধানৰ বীজ ক্ৰয় কৰি ধানৰ খেতি কৰিছিল খাৰিজা বিজনীৰ বহুকেইগৰাকী কৃষকে ৷ কিন্তু ধানৰ সলনি পতান ওলোৱাত বিবুদ্ধিত পৰিছে কৃষক ৷ তেওঁ লগতে কৃষি বিভাগক ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে দৰিদ্ৰ কৃষকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ভুক্তভোগী কৃষকে ৷

লগতে পঢ়ক : সাময়িক ভাৱে স্থগিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.