ETV Bharat / state

বাক্সাত ৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

বাক্সা জিলাত ৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ ৩ গৰাকী বিপিএফ প্ৰাৰ্থীৰ লগতে এগৰাকী ৰাইজৰ দলৰ আৰু দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

বাক্সাত ৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

author img

By

Published : Mar 18, 2021, 10:22 PM IST

বাক্সা,১৮ মাৰ্চ: বৃহস্পতিবাৰৰ দিনটোত বাক্সা জিলাত ৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ ৩ গৰাকী বিপিএফ প্ৰাৰ্থীৰ লগতে এগৰাকী ৰাইজৰ দলৰ আৰু দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ৬২ নং বৰমা বিধানসভা সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থী প্ৰবীণ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন দাখিল কৰি প্ৰাৰ্থী গৰাকীয়ে কয় যে, "বৰমা সমষ্টিক আইডিয়েল সমষ্টি হিচাপে কৰিব বিচাৰো ৷ মই বহু বছৰ দলৰ লগত কাম কৰিলো, এতিয়া দলে মোক বিশেষ দায়িত্ব দিছে" বুলিও মন্তব্য কৰে বড়োৱে ৷

বাক্সাত ৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

ইফালে, ৫৮ নং তামুলপুৰ সমষ্টিৰ বাবে বিপিএফ দলৰ প্ৰাৰ্থী ৰঞ্জা শুংগুৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী ৰামচৰণ ডেকা, কেশৱ ৰাজবংশীয়ে মনোনয়ন দাখিল কৰে ৷ ৬৩ নং চাপাগুৰি সমষ্টিৰ বাবে বিপিএফ দলৰ প্ৰাৰ্থী হিতেশ বসুমতাৰী, ৰাইজৰ দলৰ পৰা সুজন দাসেও মনোনয়ন দাখিল কৰে ।

অন্য এক খবৰৰ বাবে: অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.