ETV Bharat / state

কেইবাটাও দাবীৰে বাক্সাৰ মুছলপুৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ - CAA

শনিবাৰে বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাই মুছলপুৰত কেইবাটাও দাবী আগত ৰাখি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

এবিএমছুৰ উত্তাল প্ৰতিবাদ
এবিএমছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Jan 18, 2020, 3:25 PM IST

Updated : Jan 18, 2020, 5:10 PM IST

মুছলপুৰ, 18 জানুৱাৰীঃ আজি কেইবাটাও দাবী আগত ৰাখি সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰসন্থাই মুছলপুৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিটিএডিৰ চাৰিখন জিলাৰ তিনি শতাধিক নেতা কৰ্মীয়ে মুছলপুৰ দুৰ্গা মন্দিৰ খেল পথাৰত, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ, জাতি ধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইনৰ বাতিল, বিটিএডি অঞ্চলৰ সৰ্বস্তৰৰ লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিতকৰণ, অখিল গগৈকে ধৰি CAA বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা লোক সকলক বিনা চৰ্তে মুক্তি দিয়া আদি দাবী আগত ৰাখি সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কাৰ্যকৰী সভাপতি ইব্ৰাহিম আলি, সাধাৰণ সম্পাদক টাইচন হুছেইনকে ধৰি বহু কেইগৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷

মুছলপুৰত এবিএমছুৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃ CAAৰ বিৰুদ্ধে মৰাণত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

Intro:Body:বাক্সাৰ মুছলপুৰত এ বি এম ছুৰ উত্তাল প্ৰতিবাদ
হাগ্ৰামা মুৰ্দাবাদ, সৰ্বানন্দ মুৰ্দাবাদ ধ্বনিৰে কপালে মুছলপুৰৰ আকাশ বতাহ

বৰমা, ১৮ জানুৱাৰীঃ
লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, বি টি এ ডি অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত আজি সদৌ বি টি এডি সংখ্যা লঘু ছাত্ৰ সন্থাই মুছলপুৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷সংগঠনটোৰ বি টি চি ৰ চাৰিখন জিলাৰ তিনি শতাধিক নেতা কৰ্মীয়ে মুছলপুৰ দুৰ্গা মন্দিৰ খেল পথাৰত লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, জাতি ধ্বংশী নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বাতিল কৰক, বি টি এডি অঞ্চলৰ সৰ্বস্তৰৰ লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰক, অখিল গগৈকে ধৰি কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা লোক সকলক বিনাচৰ্তে মুক্তি দিয়ক আদি ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷
কাৰ্যসূচীত সংগঠনটোৰ কাৰ্যকৰী সভাপতি ইব্ৰাহিম আলি, সাধাৰণ সম্পাদক টাইচন হুছেইনকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে ৷
বাইট--
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
Last Updated : Jan 18, 2020, 5:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.