ETV Bharat / state

বাক্সাত 775 টা আত্ম সহায়ক গোটলৈ 24 কোটি টকাৰ ঋণ

বাক্সাত নাবাৰ্ডৰ উদ্যোগত বৃহৎ ঋণ মেলা ৷ জিলাখনৰ মুঠ 775 টা আত্মসহায়ক গোটৰ মাজত 24 কোটি 39 লাখ 40 হাজাৰ টকাৰ ঋণ বিতৰণ ৷ বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযান আৰু জিলা প্ৰশাসনৰ সহযোগত সোমবাৰে অনুষ্ঠিত জিলা ভিত্তিক বৃহৎ ঋণ মেলাত এই ঋণ প্ৰদান কৰা হয় ৷

author img

By

Published : Feb 22, 2021, 11:00 PM IST

baksa loan distribution
baksa loan distribution

বাক্সা,২২ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত নাবাৰ্ডৰ উদ্যোগত, বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযান আৰু জিলা প্ৰশাসনৰ সহযোগত সোমবাৰে অনুষ্ঠিত হয় এখন জিলা ভিত্তিক বৃহৎ ঋণ মেলা ৷ আত্ম সহায়ক গোট আৰু কৃষকৰ জীৱিকা তথা আত্মনিৰ্ভৰশীলতাৰ উদ্দেশ্যে আয়োজিত এই ঋণ মেলা উদ্বোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

বাক্সাত নাবাৰ্ডৰ উদ্যোগত বৃহৎ ঋণ মেলা

উপায়ুক্ত গৰাকীয়ে উদ্বোধনী ভাষণত কয় যে মহিলা সকলে আত্মসহায়ক গোটৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰো বুনিয়াদ শক্তিশালী কৰি তুলিব পাৰে ৷ নাবাৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক শিৱ শংকৰ সাহাই আত্মসহায়ক গোটসমূহৰ অপৰিসীম গুৰুত্বৰ কথা উল্লেখ কৰি বিভিন্ন কৃষিভিত্তিক, থলুৱা খাদ্য, বস্ত্ৰ উদ্যোগ আদি স্থাপনেৰে আত্মসহায়ক গোটসমূহ আত্মনিৰ্ভৰশীল হৈ ৰাজ্যৰ লগতে দেশখনক উত্তৰণৰ বাট দেখুৱাবলৈ আহ্বান জনায়।

সোমবাৰে এই ঋণ মেলাত জিলাখনৰ মুঠ 775 টা আত্মসহায়ক গোটৰ মাজত 24 কোটি 39 লাখ 40 হাজাৰ টকাৰ ঋণ বিতৰণ কৰা হয় ৷ অসম গ্ৰামীণ জীৱিকা অভিযানৰ বাক্সা জিলাৰ প্ৰকল্প বিষয়া বিচিত্ৰ নাৰ্জাৰীয়ে আতঁ ধৰা সভাখনত এছবিআইৰ আঞ্চলিক পৰিচালক সুৰভী ভট্টাচাৰ্য, অসম গ্ৰামীন বিকাশ বেংকৰ মুখ্য প্ৰবন্ধক সুধাংশু পাত্ৰ, অসম গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প বিষয়া দীপাংকৰ বৰুৱা, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ আঞ্চলিক উপ-প্ৰৱন্ধক বি বি ঝা, নাবাৰ্ডৰ জিলা উন্নয়ণ বিষয়া দেৱজ্যোতি বিশ্বাস, জিলা গ্ৰামীণ অভিকৰণ আঁচনিৰ প্ৰকল্প সঞ্চালক ৰবীন্দ্ৰ মুছাহাৰী উপস্থিত থাকে ৷

বাক্সা জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া নাৰ্জাৰীয়ে সভাত জনোৱা মতে, বাক্সা জিলাত এতিয়ালৈকে 13,394 টা গ্ৰামীণ মহিলা আত্মসহায়ক গোট গঠন হৈছে ৷ বিভিন্ন বেঙ্কৰ জৰিয়তে গোট সমূহক ঋণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.