ETV Bharat / state

একেলগে সুৰাপান কৰি ভতিজাকে হত্যা কৰিলে খুৰাকক - কুমাৰীকাটাত ভতিজাকৰ হাতত মৃত্যু খুড়াকৰ

খুড়াক আৰু ভতিজাকে একলগে কৰিছিল মদ্যপান ৷ হঠাৎ খুড়াকক প্ৰহাৰ ভতিজাকৰ ৷ থিতাতে নিহত হ'ল খুৰাক

কুমাৰীকাটাত ভতিজাকে হত্যা কৰিলে খুড়াকক
author img

By

Published : Nov 23, 2019, 5:51 PM IST

Updated : Nov 23, 2019, 6:36 PM IST

বাক্সা,23 নৱেম্বৰ: বাক্সাৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাৰমুছ বস্তিত ভতিজাকৰ হাতত মৃত্যু খুড়াকৰ। ঘটনাৰ অভিযুক্ত আটক কৰে কুমাৰীকাটা আৰক্ষীয়ে ৷ ঘটনা অনুসৰি যোৱা ২১ নৱেম্বৰত তাৰিখে দাছাই মুণ্ডাৰ ঘৰত প্ৰায় 9.30 বজাত ভতিজা এলেন মুণ্ডাৰ সৈতে একেলগে মদ্যপান কৰি থকা অৱস্থাত কথাৰ মনোমালিন্য হোৱাত ক্ৰোধত এলেন মুণ্ডাই খুড়াক দাছাই মুণ্ডাক আক্ৰমণ কৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ দাছাই মুণ্ডাক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই ৷ কিন্তু কোনো ধৰণৰ উন্নতি নোহোৱাত পুনৰ পাটকিজুলী চিকিৎসালয়ত ভৰ্তি কৰাই যদিও শনিবাৰে পুৱা দাছাই মুণ্ডাৰ মৃত্যু ঘটে । শনিবাৰে পৰিয়ালৰ লোকে এলেন মুণ্ডাৰ নামত কুমাৰীকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত কুমাৰীকাটা আৰক্ষীৰ এটা দলে এলেন মুণ্ডাৰ ঘৰত উপস্থিত হৈ এলেন মুণ্ডাক আটক কৰি আৰক্ষী চকীলৈ লৈ যায়। পাছত দাছাই মুণ্ডাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে কুমাৰীকাটা আৰক্ষীয়ে।

কুমাৰীকাটাত ভতিজাকে হত্যা কৰিলে খুড়াকক

লগতে পঢ়ক: শদিয়াত উদ্ধাৰ কাকপথাৰৰ যুৱকৰ মৃতদেহ

Intro:বাক্সাৰ কুমাৰীকাটাত মদ্যপানৰ পৰিণতিত ভতিজাৰ হাতত প্ৰাণ গল খুড়াকৰ ।

Body:বাক্সাৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাৰমুছবষ্টিত(গাওবুঢ়াবষ্টি) ভতিজাকৰ হাতত মৃত্যু খুড়াকৰ । যোৱা ২১ নবেম্বৰত তাৰিখে দাছাই মুণ্ডাৰ ঘৰত ৯ : ৩০ বজাত ভতিজা এলেন মুণ্ডাৰ সৈতে একেলগে মদ্যপান কৰে । কিবা কথা দুয়োৰে মাজত অৰিয়া অৰি লাগে আৰু এনে সময়তে এলেন মুণ্ডাই খুড়াক দাছাই মুণ্ডা (৪৫) শৰীৰৰ বিভিন্ন ঠাইত কুবাই আঘাত কৰে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ দাছাই মুণ্ডাক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভূৰ্তী কৰাই যদিও কোনো ধৰণৰ উন্নতি নোহোৱাত পুনৰ পাটকিজুলী চিকিৎসালয়ত ভূৰ্তী কৰাই যদিও শনিবাৰে পুৱা দাছাই মুণ্ডাৰ মৃত্যু ঘটে ।

Conclusion:আজি পৰিয়ালৰ লোকে এলেন মুণ্ডাৰ নামত কুমাৰীকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ এটা দলে এলেন মুণ্ডাৰ ঘৰত উপস্থিত হৈ এলেন মুণ্ডাক আটক কৰি আৰক্ষী চকীলৈ লয় আহে । পাছত দাছাই মুণ্ডাৰ মৃতদেহ মৰণত্তোৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।

ভাষ্য : ১/ এলেন মুণ্ডা ( হত্যাকাৰী)
২/ আৰক্ষী বিষয়া

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Nov 23, 2019, 6:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.