বাক্সা, 24 আগষ্টঃ বাক্সাত কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ আত্মহত্যা ৷ বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত সৰু কুছিজাৰ গাঁৱৰ অৰূপ মেধি নামৰ গৃহৰক্ষী জোৱানজনে নিজৰ হাতত থকা ৰাইফলেৰে গুলিয়াই আত্মহত্যা কৰে ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
পৰিয়ালৰ লোক ব্যক্ত কৰা অনুসৰি এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা অৰূপৰ সঘনাই পত্নীৰ সৈতে পাৰিবাৰিক সংঘাতৰ সৃষ্টি হৈছিল ৷ ইয়াৰ ফলতে তেখেতৰ প্ৰথমা পত্নীয়ে ঘৰ এৰি ঘগ্ৰাপাৰাৰ মাতৃ গৃহলৈ গুছি যায় ৷ ইয়াৰ পিছতে তেখেত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় যদিও মাজে সময়ে দুয়োগৰাকী পত্নীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে আত্মহত্যাৰ ভাবুকি প্ৰদান কৰি আহিছিল অৰূপে ৷ দেওবাৰে তেখেতৰ কৰ্তব্যৰ সময়তেই সহকৰ্মীয়ে গুলীৰ শব্দ শুনি তেঁওক ঢলি পৰা প্ৰত্যক্ষ কৰে ৷
পাৰিবাৰিক সংঘাটত বাবেই অৰূপে এই চৰম পন্থা হাতত লোৱা বুলি সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে ৷