ETV Bharat / state

গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Aug 29, 2020, 8:00 AM IST

আদিবাসী, নেপালীৰ উপৰিও বড়ো জনগোষ্ঠীয়েও ভোট দিব বুলি দাবী কৰে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসে ৷

Baksa GSP party member campaigning for BTC election
বাক্সাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ জি এছ পি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

বৰমা, ২৮ আগষ্টঃ আগন্তুক বিটিচি নিৰ্বাচনত ২৩ নং দিহিৰা সমষ্টিত আদিবাসী, নেপালী, মুচলিমৰ উপৰিও বড়ো জনগোষ্ঠীৰ সমৰ্থন লাভেৰে জয়যুক্ত হ’ব বুলি দাবী কৰে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসে । শুকুৰবাৰে ভোগপাৰাত এখন দলীয় সভাত অংশগ্ৰহণৰ পিছত সাংবাদিকৰ আগত উল্লেখ কৰে যে, সমষ্টিটোত এই জনগোষ্ঠীসমূহৰ মুঠ ৩০,৮৪০ টা ভোট আছে যদিও ইয়াৰে ২০ হাজাৰ ভোট পালেও জয়লাভ কৰিব। বড়ো জনগোষ্ঠী অধ্যোষিত অঞ্চলত পানী যোগানৰ কাম কৰাৰ বাবে বড়ো জনগোষ্ঠীয়েও ভোট দিব বুলি দাবী কৰে প্ৰাক্তন এমচিএলএ গৰাকীয়ে ।

আনহাতে, জয়লাভ কৰাৰ পিছত বড়ো অধ্যোষিত অঞ্চলত খোৱাপানীৰ বাবে পাম্প বহুৱাই দিব বুলি কয় । গণ সুৰক্ষা পাৰ্টীৰ দ্বাৰা পৰিষদ গঠন হ'লে বড়ো-অবড়োৰ অৰ্থ নাথাকিব বুলি মন্তব্য কৰি কয় যে, গণ সুৰক্ষা পাৰ্টী মানে মানৱ সুৰক্ষা কৰা । গতিকে সকলো জনগোষ্ঠীৰ সম বিকাশ, সম উন্নয়ন কৰাটোৱে হ'ব মূল লক্ষ্য । বিৰোধী দলৰ প্ৰতিনিধি হিচাপে শাসনাধিষ্ঠিত বিপিএফে গুৰুত্ব নিদিয়াৰ বাবে সমষ্টিটোৰ উন্নয়নমূলক কাম কৰিব নোৱাৰা বুলি স্বীকাৰ কৰি কয় যে, ব্লক ৰাষ্টা নিৰ্মাণৰ বাবে যাৱতীয় কাম সম্পন্ন কৰাৰ পিছত তদানীন্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অনুমোদনৰ বাবে ফাইল পঠাইছিল যদিও তেওঁ অনুমোদন নিদিয়াত উক্ত কাম কৰিব নোৱাৰিলে । এইবেলি বাজেটত এমচিএলএ ফাণ্ডৰ বাবে প্ৰতিবছৰে ৫০ লাখ টকা ধাৰ্য কৰাৰ ফলত নিৰ্বাচনত বিজয়ী হ'লে ২৫ খন গাঁৱত উন্নয়ন কৰিব পাৰিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ হাফলংত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.