ETV Bharat / state

বাক্সাৰ মুছলপুৰত প্ৰকৃতিৰ তাণ্ডৱ

author img

By

Published : Apr 12, 2021, 5:51 PM IST

দেওবাৰে নিশা প্ৰচণ্ড ধুমুহাৰ ফলত বাক্সাৰ কেইবাটাও ঠাইত বহু পৰিয়ালৰ বাসগৃহৰ লগতে শিক্ষানুষ্ঠানৰ বিস্তৰ ক্ষতি সাধন হয় । অঞ্চলৰ মূলপথত বৈদ্যুতিক খুঁটা, প্ৰকাণ্ড গছ বাগৰাৰ ফলত পথ বন্ধ হৈ পৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে অসুবিধাৰ সন্মুখীন হয় ৷

বাক্সাৰ মুছলপুৰত প্ৰকৃতিৰ তাণ্ডৱ
বাক্সাৰ মুছলপুৰত প্ৰকৃতিৰ তাণ্ডৱ

বাক্সা,১২ এপ্ৰিলঃ দেওবাৰে নিশা বাক্সাৰ মুছলপুৰত অহা প্ৰচণ্ড ধুমুহাৰ ফলত কেইবাটাও অঞ্চলৰ বৃহৎ ক্ষতি হয় ৷ অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহৰ লগতে সেনা জোৱানৰ কেম্পতো ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ৷ নিকাচি অঞ্চলৰ ভূটানখুটি, ধনশ্ৰীপুৰ, দাৰাগাওঁ, সুৱনখাটা আদি কেইবাখনো গাঁৱত ধুমুহা-বতাহে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰো ক্ষতি কৰে ৷

কমাণ্ডেণ্ট নন্দ কিশোৰ তন্তানে জানিবলৈ দিয়া অনুসৰি সীমান্ত সুৰক্ষা বাহিনীৰ E-Coy দাৰাগাঁৱস্থিত কেম্পত ৯ খনকৈ টেণ্ট, বাংকাৰ, জৰুৰী নথিপত্ৰকে ধৰি টিভি আদি নষ্ট হয় ৷ ধুমুহাত প্ৰায় ৬ লাখ টকাৰ সামগ্ৰীৰ ক্ষতিসাধন হয় ৷

উল্লেখযোগ্য যে, অঞ্চলৰ মূলপথত বৈদ্যুতিক খুঁটা, প্ৰকাণ্ড গছ বাগৰাৰ ফলত পথ বন্ধ হৈ পৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে অসুবিধাৰ সন্মুখীন হয় ৷ অঞ্চলসমূহৰ কেইবাটাও স্থানত বৈদ্যুতিক তাঁৰ ছিঙি খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে ৷

লগতে পঢ়ক : শিলচৰৰ ৰাজপথত যুৱকৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.