ETV Bharat / state

বাক্সা, বৰপথাৰত লাভলীনাৰ সফলতা কামনাৰে বন্তি প্ৰজ্বলন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভলীনাৰ সফলতা কামনাৰে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গৈছে ৷ অসমৱাসীৰ আশা যাতে লাভলীনাই অলিম্পিকিত সোণৰ পদক আঁজুৰি আনি বিশ্বৱাসীৰ আগত ভাৰত তথা অসমত উজলাই তুলিব পাৰে ৷

author img

By

Published : Aug 3, 2021, 10:17 PM IST

বাক্সা, বৰপথাৰত লাভলীনাৰ সফলতা কামনাৰে বন্তি প্ৰজ্বলন
বাক্সা, বৰপথাৰত লাভলীনাৰ সফলতা কামনাৰে বন্তি প্ৰজ্বলন

বাক্সা/সৰুপথাৰ, 3 আগষ্ট : বুধবাৰে অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকিত ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ছেমি ৰিঙত নমাৰ পূৰ্বে লাভলীনাৰ বাবে অসমবাসীয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বাক্সাতো লাভলীনাই যাতে সফলতাৰে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তাৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায় ৷

উল্লেখযোগ্য যে, বৰমা উচ্চতৰ মাধ্যমিক খেলপথাৰত এক শুভেচ্ছামূলক কাৰ্যসূচী ৰূপায়ণ কৰে বাক্সা জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত আৰু বৰমা স্প’র্টছ ক্লাবৰ সহযোগত ৷ লাভলীনা বৰগোঁহাইলৈ জনোৱা এই শুভেচ্ছামূলক অনুষ্ঠানত বাক্সা জিলা ক্ৰিয়া সন্থাৰ সভাপতি বাবুল সভাপতিত্ব কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ফুটবল খেলুৱৈ সুৰেণ বসুমতাৰীয়ে ৷ একেদৰে বাক্সাৰ শিমলাতো শালবাৰী জিলা ক্ৰীড়া সন্থাই লাভলীনাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বাহিৰ কৰে চাইকেল ৰেলী ৷

লগতে পঢ়়কঃ 'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে লাভলীনাৰ গৃহ জিলা গোলাঘাটৰ বিভিন্ন ঠাইতো লাভলীনাই যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা দেখা গৈছে ৷ তাৰমাজতে মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ সফলতা কামনাৰে গোলাঘাটতৰ বৰপথাৰ বিভিন্ন স্থানত মঙলবাৰে অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন তথা প্ৰাৰ্থনা কাৰ্যসূচী ।

উল্লেখযোগ্য যে, বৰপথাৰৰ জীয়ৰী লাভলীনাৰ এই অলিম্পিক যাত্ৰাত সফলতাৰ কামনাৰে বৰপথাৰ কালী মন্দিৰত মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ১০০১(এক হাজাৰ এক) গছি বন্তি প্ৰজ্বলনৰে প্ৰাৰ্থনা জনোৱা হয় । ইতিমধ্যে বক্সিঙৰ কোৱাটাৰ ফাইনেলত শক্তিশালী প্ৰতিদ্বন্দ্বীৰ লগত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ।

লগতে পঢ়কঃ লাভলীনালৈ শুভেচ্ছা নলবাৰী Amateur Boxing Association ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.