ETV Bharat / state

বিটিচিত অশান্ত পৰিৱেশ সৃষ্টি হ'লে দায়ী হ’ব হিমন্ত বিশ্ব শৰ্মাঃ ড° অঞ্জলী প্ৰভা দৈমাৰী

author img

By

Published : Nov 29, 2020, 4:44 PM IST

বিশিষ্ট সাহিত্যিক তথা বিপিএফৰ কেন্দ্রীয় সমিতিৰ সম্পাদিকা ড° অঞ্জলী প্ৰভা দৈমাৰীয়ে নিৰ্বাচনী সভাত অংশগ্রহণ কৰি কয়, নিৰ্বাচনী প্ৰচাৰ সভা সমূহত যিয়ে যিমান সমালোচনা নকৰিলেও বিগত ১৫ টা বছৰত বিটিচি অঞ্চলত অসমৰ আনসমূহ অঞ্চলতকৈ বহুত উন্নয়ন হৈছে । কাৰণ ইয়াত চাকৰি কৰি যোৱা বহু লোকে দহ বছৰৰ পাছত আহিলে এই উন্নয়নৰ কথা স্বীকাৰ কৰি যায় ।

baksa-anjali-daimary-btc-elections-campanging
বিটিচিত অশান্ত পৰিৱেশ সৃষ্টি হ'লে দায়ী হ’ব হিমন্ত বিশ্ব শৰ্মাঃ ড° অঞ্জলী প্ৰভা দৈমাৰী

বৰমা,29 নবেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে । দেওবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কামাদৈছা লক্ষীবজাৰত বিপিএফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায় । বিশিষ্ট সাহিত্যিক তথা বিপিএফৰ কেন্দ্রীয় সমিতিৰ সম্পাদিকা ড° অঞ্জলী প্ৰভা দৈমাৰীয়ে অংশগ্রহণ কৰি কয়, নিৰ্বাচনী প্ৰচাৰ সভা সমূহত যিয়ে যিমান সমালোচনা নকৰিলেও বিগত ১৫ টা বছৰত বিটিচি অঞ্চলত অসমৰ আনসমূহ অঞ্চলতকৈ বহুত উন্নয়ন হৈছে । কাৰণ ইয়াত চাকৰি কৰি যোৱা বহু লোকে দহ বছৰৰ পাছত আহিলে এই উন্নয়নৰ কথা স্বীকাৰ কৰি যায়। বিভিন্ন ৰাজনৈতিক দলৰ নেতাক সমালোচনা কৰি ড° দৈমাৰীয়ে পুনৰ কয়, বিটিচিত অশান্ত পৰিবেশ সৃষ্টি হ'ব লাগিলে তাৰ বাবে প্ৰধানকৈ দায়ী হিমন্ত বিশ্ব শৰ্মা হ'ব।

আনহাতে সমাগত বিটিচি নিৰ্বাচনত বিপিএফ দলে পৰ্যাপ্ত আসন লাভ কৰি পৰিষদ গঠন কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত বুলি দাবী কৰে ড° অঞ্জলী প্ৰভা দৈমাৰীয়ে । নিৰ্বাচনৰ সময়ত শালীনতা বজাই সমালোচনা কৰাৰ পক্ষপাতিত্ব কৰা সভাত পিপুল জইন্ট এক্সন কমিটী ফ'ৰ বড়োলেণ্ড মুভমেন্টৰ মুখ্য উপদেষ্টা গংগাধৰ ৰামছিয়াৰী, বিধায়ক থানেশ্বৰ বসুমতাৰী, ২২ নং কোকলাবাৰী সমষ্টিৰ প্ৰাৰ্থী ধীৰেণ বড়ো, কোকলাবাৰী ব্লক বিপিএফ কমিটীৰ সভাপতি শংকৰ বসুমতাৰী, কেন্দ্রীয় কমিটীৰ সদস্য তৰণীকান্ত মদাহি আদিকে ধৰি কেইবাগৰাকী দলীয় নেতাই অংশগ্রহণ কৰে ।

লগতে পঢ়কঃ বহুজনক ৰক্তদান কৰা পাপুৱে হাহাকাৰ কৰিছে এটোপাল ৰক্তৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.