বাক্সা, ৫ জানুৱাৰী : বিটিচিত নতুনকৈ বন বিভাগৰ দায়িত্ব লাভ কৰাৰ পিছতেই তৎপৰ হৈ পৰা দেখা গৈছে বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীক। নেতা গৰাকীয়ে মঙলবাৰে বাক্সাৰ কালপানী,গোৱৰ্ধনাত বন বিভাগৰ সহযোগত অভিযান চলাই অবৈধভাৱে শিল বালি কঢ়িওৱা কেইবাখনো বাহন জব্দ কৰে ৷ তদুপৰি বন ধ্বংস,ক্ৰেচাৰ মিল আৰু অবৈধ মহল চলোৱা আদি কাৰ্য শীঘ্ৰেই বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে বি আৰ ফেৰেংগাই।
উল্লেখ্য যে,অবৈধ কৰ্মৰ লগত জড়িত কোনোৱেই সাৰি যাব নোৱাৰিব বুলি কয় নেতাগৰাকীয়ে। লগতে তেওঁ বন সুৰক্ষাৰ বাবে সদায় কাম কৰি যাব বুলিও আশ্বাস প্ৰদান কৰে।
লগতে পঢ়ক: মৰিগাঁৱত নকল গঁড়ৰ খড়গ জব্দঃ আটক এজন