বাক্সা,24 মাৰ্চঃ মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চলৈকে লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । সোমবাৰে সংবাদমেল যোগে এই ঘোষণা কৰে ৰাজ্যৰ বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে লক ডাউনৰ সময়ছোৱাত জৰুৰীকালীন অত্যৱশ্যকীয় সেৱা সমূহ চলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। লগতে বিশ্ব ত্ৰাস সৃষ্টি কৰা কৰ'ণাক ৰোধ কৰিবলৈ আৰু যাতে ৰাজ্যখনত জনসমাগমে বৃদ্ধি নকৰে কৰ'ণা ভাইৰাছ সেয়ে ৰাজ্য চৰকাৰৰ এই লক ডাউন সিদ্ধান্ত গ্ৰহণ । উল্লেখ্য যে ,ৰাজ্য চৰকাৰৰ লক ডাউন সিদ্ধান্তক আদৰণি জনাই সদৌ অসম ছাত্ৰ সন্থা আৰু বিটিএডি অঞ্চলৰ সংখ্যালঘু ছাত্র সংগঠন এবিএমছুৱে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে তীব্ৰ প্ৰচাৰ অভিযান । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত এবিএমছুৰ লোক সকলে মাইকেৰে প্ৰচাৰ চলাইছে । যাতে লক ডাউনৰ সময়চোৱাত কোনো মন্দিৰ মচজিদত তিনিজনতকৈ অধিক লোক একগোট নহয় সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
ৰাজ্যত লক ডাউনৰ কাৰ্য্যসূচী সফল কৰিবলৈ এবিএমছুৰ, আছুৰ প্ৰচাৰ - লক ডাউন কাৰ্যসূচী
ৰাজ্য চৰকাৰে মঙলবাৰে 6 বজাৰ পৰা আৰম্ভ কৰিছে লক ডাউন কাৰ্যসূচী ৷ এই কাৰ্যসূচী সফল কৰিবলৈ প্ৰচাৰ চলাইছে আছু আৰু এবিএমছুৱে ৷