ETV Bharat / state

Awareness on witch hunting: মানৱ সৰবৰাহ অন্ধবিশ্বাস বাল্যবিৱাহ ডাইনী হত্যাৰ ওপৰত সজাগতা সভা - superstition

বাক্সাৰ দাৰাগাঁৱত মানৱ সৰবৰাহ, অন্ধবিশ্বাস, বাল্যবিৱাহ, ডাইনী হত্যাৰ ওপৰত সজাগতা সভা ৷ উদ্যোক্তাই সজাগতা সভাখন সফলতাৰে সম্পন্ন হয় বুলি মত প্ৰকাশ কৰে ৷

awareness program
সজাগতা সভা
author img

By

Published : Jul 31, 2023, 10:53 PM IST

সজাগতা সভা

বাক্সা, ৩১ জুলাই : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁৱত সোমবাৰে অন্ধ বিশ্বাস আৰু মানৱ সৰবৰাহৰ ওপৰত এক সজাগতা সভা অনুষ্টিত হয় ৷ মানাহ দাৰাগাঁও ইক’টুৰিজীম ছ’চাইটিৰ সহযোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত অংশগ্ৰহণ কৰি "গ্ৰীন এনভাইৰনমেণ্ট টাষ্ক ফ’ৰ্চ আৰু মিচন বিৰুবালা" ৰ সদস্য অনামিকা বৰুৱাই অংশ গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷

অনামিকা বৰুৱাই ভাষণত কয় যে অসমৰ একাংশ জনগোষ্ঠীৰ মাজত গভীৰভাৱে সোমাই থকা এটা প্ৰচলিত অন্ধবিশ্বাস হ’ল যে ডাইনী বুলি কিবা এটা অস্তিত্ব আছে আৰু ই মানুহৰ বিভিন্ন ধৰণে ক্ষতি কৰে ৷ একমাত্ৰ ডাইনী বুলি সন্দেহ কৰিয়েই আজিলৈকে বহুলোকক হত্যা কৰা হৈছে ৷ তেওঁ লগতে কয় যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ হাতত লৈছে ৷ ডাইনী বুলি কোনো বস্তু নাই ই একমাত্ৰ মানুহৰ মাজত চলি অহা অন্ধ বিশ্বাস ৷

মানৱ সৰবৰাহৰ ক্ষেত্ৰতো সজাগ হ’বলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সদস্য দেৱজিৎ বৰাই কয় যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা আমি মুক্ত হ’ব পাৰিলেহে আমাৰ নতুন প্ৰজন্মই আগবঢ়ি যাব পাৰিব ৷ আমি শিক্ষিত হ’লেও যদি আমৰ মনত বৈজ্ঞানিক দৃষ্টিভংগী নাথাকে তেনেহলে সমাজৰ পৰা এই কু সংস্কাৰ কেতিয়াও দূৰ নহ’ব বুলি অতিকে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ ৷

সজাগতা সভাখন সঞ্চালনা কৰে মানাহ দাৰাগাঁও ইক’টুৰিজীম ছ’চাইটিৰ সভাপতি অমৰজ্যোতি হাজৰিকাই ৷ সভাত স্থানীয় ৰাইজৰ লগতে দাৰাগাঁৱস্থিত এছ এছ বি কেম্পৰ কামাণ্ডেণ্ট চি আৰ ঠাকুৰ উপস্থিত থাকে ৷ সভাৰ অন্তত ডাইনী হত্যাৰ ওপৰত এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : Protest Against Eviction Notice: বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙ্গা বনাঞ্চলত চলিব উচ্ছেদ; প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.