বাক্সা, 28 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৩১ আগষ্টত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা ৷ চূড়ান্ত খচৰাক লৈ উদ্ভৱ হ'ব পৰা সাম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙবাৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এখন সজাগতামুলক সভা অনুস্থিত হয় ৷
বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুই আঁত ধৰা সভাখনত চাপাগুৰী আৰু বৰমা বিধান সভা সমষ্টিৰ বিধায়ক দুয়ো উপস্থিত থাকি কয় যে, এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোক সকলে কোনো ভয় কৰিব নালাগে, বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা নকৰা পৰ্যন্ত তেওঁলোক বিদেশী নহয় ৷ ইফালে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাচত আইন শৃংখলা পৰিস্থিতি অটুত ৰাখিবলৈ সকলো পক্ষৰ লোকক আহ্বান জনায় ৷
এনআৰচিৰ চূড়ান্ত খচৰাত নাম নথকা ব্যক্তি সকলে চাৰি মাহৰ ভিতৰত নিজৰ আপত্তি জনাই বিধি মতে প্ৰয়োজনীয় সকলো নথি জমা দি নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুবিধা থাকিব বুলি সজাগতা সভাৰ জৰিয়তে জিলা উপায়ুক্তই ঘোষণা কৰে ৷ ইপিনে সভাত এবিএমছু আৰু আমছুৰ নেতৃত্বই চূড়ান্ত খচৰা প্ৰকাশৰ পাচত যাতে ৰাইজৰ মাজত কোনো ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয় তাৰ ওপৰত চোকা নজৰ ৰাখিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ লগতে উচ্চতম ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণ আইনৰ 1964 ৰ বিধি অনুসৰি পুনৰ নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধিকৰণত আপিলৰ সুবিধা ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰোপৰি এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোক সকলক পুনৰ আপিলৰ বাবে প্ৰয়োজনীয় এ আৰু বি তালিকা জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা যোগান ধৰিবলৈ সংগঠনটোৱে আহ্বান জনায় ৷ উল্লেখ্য যে এই সভা খনত আছু বাক্সা জিলা সমিতি, মদাহী ছাত্ৰ সন্থা, গৰিয়া মৰিয়া ছাত্ৰ সংগঠন, বিশিষ্ট বুদ্ধিজীৱি, গাঁও বুঢ়া, ভি চি ডি চিৰ অধ্যক্ষৰ উপৰিও বাক্সা জিলা অতিৰীক্ত উপায়ুক্ত মৃগাংগ চৌধুৰী ,বৰমা ৰাজহ চক্ৰ বিষয়া, বাক্সা গ্ৰাম্য প্ৰকল্প সঞ্চালককে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে৷