গোৰেশ্বৰ, 11 মে': এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰা, কাছাৰ আৰু জাগীৰোড কাগজ কলক পুনৰ কাৰ্যক্ষম কৰা আৰু গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি পুনৰ প্ৰদান কৰাৰ দাবীত শুকুৰবাৰে এছ এফ আই আৰু ডি ৱাই এফ আইৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে তামুলপুৰৰ গোৰেশ্বৰ চহৰৰ মাজমজিয়াত এক পথ সজাগতা সভা অনুষ্ঠিত হয় ।
গোৰেশ্বৰ আঞ্চলিক সমিতিৰ এছ এফ আইৰ সম্পাদক ইন্দ্ৰজিৎ দাসৰ পৰিচালনাত অনুষ্ঠিত সভাখনত কামৰূপ জিলাৰ এছ এফ আইৰ সম্পাদক বিৰাজ ডেকা, কবি সাহিত্যিক অজিত তালুকদাৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায় । সভাত জাগীৰোড কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ লগতে শ্ৰমিকসকলৰ বকেয়া ধন শীঘ্ৰে মোকলাই দিয়াৰ বাবেও দাবী জনাই প্ৰতিবাদকাৰীসকলে ।