ETV Bharat / state

বাক্সাত অটল অমৃত অভিযান আঁচনিৰ বিষয়ে অজ্ঞাত ৰোগীঃসজাগতাৰ অভাৱ - ডাঃ সুভাষ চন্দ্ৰ শৰ্মা অধীক্ষক

স্বাস্থ্যসেৱাৰ সুবিধা দিবলৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ অভিলাষী স্বাস্থ্য আঁচনি অটল অমৃত অভিযান আঁচনিখন ২০১৭ চনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ৷ আঁচনিখনৰ জৰিয়তে হিতাধীকাৰীসকলক ৬ টা ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হয় ৷ বাক্সা জিলাৰ মুছলপুৰস্থিত ২০০খন বিচনাযুক্ত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুভাষ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি,জিলা সদৰত ৫,২৯৬ জন লোকে কাৰ্ডৰ বাবে প্ৰ-পত্ৰ দাখিল কৰিছিল ৷ কিন্তু কাৰ্ড লাভ কৰে মাত্ৰ ৪,৬৭৩ গৰাকী লোকে ৷

Atal Amrit Aviyan Baksa
অটল অমৃত অভিযান আঁচনি
author img

By

Published : Feb 12, 2020, 12:18 AM IST

বাক্সা,11 ফেব্ৰুৱাৰীঃ দেশৰ স্বাস্থ্যক্ষেত্ৰত বিশেষভাৱে অভাৱগ্ৰস্ত লোকসকলক স্বাস্থ্যসেৱাৰ সুবিধা দিবলৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ অভিলাষী স্বাস্থ্য আঁচনি অটল অমৃত অভিযান আঁচনিখন ২০১৭ চনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ৷ আঁচনিখনৰ জৰিয়তে হিতাধীকাৰীসকলক ৬ টা ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হয় ৷

বাক্সা জিলাৰ মুছলপুৰস্থিত ২০০খন বিচনাযুক্ত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুভাষ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, জিলা সদৰত ৫,২৯৬ জন লোকে কাৰ্ডৰ বাবে প্ৰ-পত্ৰ দাখিল কৰিছিল ৷ কিন্তু কাৰ্ড লাভ কৰে মাত্ৰ ৪,৬৭৩ গৰাকী লোকে ৷ ইয়াৰে বিপিএল কাৰ্ড ধাৰক ৪,৬৬৯ আৰু এপিএলৰ ৬২৭ গৰাকী লোকৰ ভিতৰত কাৰ্ডৰ নবীকৰণ কৰিছে ৩২ গৰাকী লোকে । বৰ্তমানলৈকে সমগ্ৰ জিলাখনত সৰ্বমুঠ ৫,৬১,২৪৩ লোকে কাৰ্ড লাভ কৰিছে ।

চিকিৎসালয়খনত আই চি ইউত কোনো ধৰণৰ সা-সুবিধা নোহোৱাৰ বাবে অটল অমৃত কাৰ্ড লাভ কৰা ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় । আনহাতে,এইক্ষেত্ৰত বাক্সা জিলা যুটীয়া সঞ্চালক গৰাকীয়ে তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ।

অটল অমৃত অভিযান আঁচনি

উল্লেখ্য যে,বাক্সা জিলাত অটল অমৃত অভিযান আঁচনি সম্পৰ্কে সজাগতাৰ অভাৱৰ ফলত এতিয়াও বহু লোকে কাৰ্ড লাভ কৰা নাই ।

লগতে চাওকঃজাগুনত অপহৃত যুৱকঃআলফাৰ দ্বাৰা অপহৰণৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.