ETV Bharat / state

তামুলপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 2:00 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল হৈ পৰিল তামুলপুৰৰ ঘগ্ৰা চক ৷ ৰাজপথত হাতে হাতে কাঁহী-বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে l

ASSU protest At Tamulpur Baksha District
তামুলপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ

বাক্সা, 7 নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যবৃদ্ধি বৃদ্ধি হোৱাৰ বিৰুদ্ধে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে শনিবাৰে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে l

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য ৷ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ বাক্সা জিলাৰ তামুলপুৰৰ ঘগ্ৰা চকতো তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে চৰকাৰ তথা যোগান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে প্ৰতিবাদকাৰী সকলে কাঁহী-বাটি বজাই আৰু আলু-পিয়াঁজৰ মালা পিন্ধি ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়াই ৷ প্ৰতিবাদী সমদলটোৱে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, বিজেপি চৰকাৰখনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰীৰ কাম নাই, যোগান মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰীক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ যদি মূল্যবৃ্দ্ধি ৰোধ নকৰে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.