ETV Bharat / state

এন আৰ চিত নাম নথকা মুছলপুৰৰ দুটা বড়ো পৰিয়াল

author img

By

Published : Sep 1, 2019, 10:48 PM IST

চূড়ান্ত তালিকাত নাই খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম ৷ ঘটনাক এবছুৰ তীব্ৰ গৰিহণা ৷

এন আৰ চিত নাম নথকা মুছলপুৰৰ দুটা বড়ো পৰিয়াল

বাক্সা,1 ছেপ্তেম্বৰ: শনিবাৰে প্ৰকাশ পালে বহু প্ৰতীক্ষিত এন আৰ চিৰ চূড়ান্ত তালিকাখন৷ তাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যতে এন আৰ চিক লৈ উঠিছে অসন্তুস্তিৰ জোৱাৰ ৷ এন আৰ চিত নাম অহা নাই বাক্সা জিলাৰ দুটা দুটা বড়ো পৰিয়ালৰ ৷ এইদৰে খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো পৰিয়ালৰ দুটাৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত নহাত এতিয়া হতাশ হৈ পৰিছে পৰিয়াল দুটাৰ সদস্যসকল৷ তথ্য অনুসৰি দুয়োটা পৰিয়ালে বৰবৰীত থকা এন আৰ চিৰ সেৱা কেন্দ্ৰত সকলো নথি পত্ৰ জমা দিছিল যদিও সেৱা কেন্দ্ৰৰ তৰফৰ পৰা কোনো প্ৰাপ্তি ৰচিদ প্ৰদান নকৰিলে ৷ তাৰ পাছতো পৰিয়ালটো বহুবাৰ সেৱা কেন্দ্ৰলৈ গৈ প্ৰাপ্তি ৰচিদ বিচাৰিছিল যদিও এন আৰ চি কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীয়ে পৰৱৰ্তী সময়ত হৈ যাব বুলি আশ্বাস দিহে পঠায় দিয়ে৷ এন আৰ চিৰ চূড়ান্ত তালিকাত বড়ো পৰিয়ালৰ নাম নহা কাৰ্যক তীব্ৰ গৰিহণা দিছে বৰবৰী আঞ্চলিক এবছুয়ে ৷

Intro:এন আৰ চিত নাম নাহিল মুছলপুৰৰ দুটা বড়ো পৰিয়ালৰ
এন আৰ চিৰ কৰ্মচাৰীৰ গাফিলতিৰ অভিযোগ ।Body: বহু প্ৰতীক্ষিত এন আৰ চিৰ চূড়ান্ত তালিকাখন কালি প্ৰকাশ পালে ৷ যদিও চূড়ান্ত তালিকাখনৰ পৰা বাদ পৰিছে খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম ৷ বাক্সাৰ মুছলপুৰত এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নাহিল বড়ো সম্পদায়ৰ দুটা পৰিয়ালৰ নাম ৷ তাকে লৈ এতিয়া হতাশ হৈ পৰিছে পৰিয়াল দুটা ৷ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং পাখামাৰা গাঁওৰ ৰবি ৰামচিয়াৰী আৰু বিপিন বড়ো নামৰ লোক দুজনৰ পৰিয়ালৰ এজনৰো নাম নাই এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ জানিব পৰা মতে দুয়োটা পৰিয়ালে বৰবৰীত থকা এন আৰ চিৰ সেৱা কেন্দ্ৰত সকলো নথি পত্ৰ জমা দিছিল যদিও সেৱা কেন্দ্ৰৰ তৰফৰ পৰা কোনো প্ৰাপ্তি ৰচিদ প্ৰদান নকৰিলে ৷ পৰিয়াল দুটা এন আৰ চি সেৱা কেন্দ্ৰলৈ তাতবাতি কাঢ়িও লাভ নকৰিলে কোনো প্ৰাপ্তি ৰচিদ ৷ তেওঁলোকে জানিব দিয়া মতে এন আৰ চি কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীয়ে পৰৱৰ্তী সময়ত হৈ যাব বুলি আশ্বাস দিহে পঠায় দিয়ে ৷ কিন্তু কালি প্ৰকাশিত চূড়ান্ত তালিকাত পৰিয়াল দুটাৰ এজনৰো নাম নহাত এতিয়া তেওঁলোক হতাশ হৈ পৰিছে ৷ কি কৰিব কি নকৰিব তাকে লৈ চিন্তাক্লিষ্ট হৈ পৰিছে ৷
Conclusion: ইফালে এন আৰ চিৰ চূড়ান্ত তালিকাত বড়ো সম্প্ৰদায়ৰ নাম বাদ পৰা কাৰ্যক গৰিহনা দিছে বৰবৰী আঞ্চলিক এৱছু ৷ এৱছু শীঘ্ৰে খিলঞ্জীয়া লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনাইছে ৷
বাইট--- এৱছু নেতা ৷

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.