তামুলপুৰ, ১৬ মে': কামৰূপ জিলাৰ ৰঙিয়াৰ নিকটৱৰ্তী পিতাম্বৰহাট বজালীৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা পূৰ্ণিমাই ১২বছৰ বয়সত গুৱাহাটীৰ নুনমাতি স্নেহালয়ত পঢ়াৰ সময়ত গহপুৰৰ দৈথুন বসুমতাৰীৰ লগত গুৱাহাটীৰ আদালতত বিবাহপাশত আৱদ্ধ হয় ৷ প্ৰায় ৯ মাহ পূৰ্বে দৈথুনে পৰিয়ালক পূৰ্ণিমা নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে ৷ কিন্তু 6 মে'ত পূৰ্ণিমাই বাক্মা জিলাৰ শুৱাগপুৰৰ নিবাসী মাহীয়েক শৰ্মিষ্ঠা ডেকালৈ হঠাৎ ফোন কৰি পৰিয়ালৰ লগত যোগাযোগ কৰি পুনৰ ঘৰলৈ লৈ অনাৰ অনুৰোধ জনায় ৷
পূৰ্ণিমাৰ ফোন লাভ কৰাৰ পাছৰে পৰা জীয়ৰীক উদ্ধাৰৰ কাৰণে উৎকণ্ঠাৰ মাজত দিন অতিবাহিত কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ আৰ্থিকভাবে দুৰ্বল পৰিয়ালটোৱে কোনো হৃদয়বান ব্যক্তি অথবা স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা বিচাৰিছে সহায় ৷