বাক্সা, 10 জুলাইঃ শেহতীয়াকৈ হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰকোপত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ মহকুমাটোৰ ভাৰত-ভূটান সীমান্তৱৰ্তী শশীপুৰ-খৈৰাণী সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ডুব যোৱাৰ উপৰিও খৈৰাণী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোও বানৰ কবলত পৰিছে ৷
উল্লেখ্য যে 9 জুলাইত গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তিনিতৰপীয়া সতৰ্কতা ঘোষণা কৰিছিল ৷ অহা পাঁচদিনৰ বাবে বাক্সা জিলাতো অব্যাহত থাকিব হালধীয়া সতৰ্কতা ৷