ETV Bharat / state

অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম

author img

By

Published : Jun 14, 2021, 3:59 PM IST

বেজী আৰু সূতাৰে গামোচাত "কৰতল কমল" লিপিবদ্ধ কৰি বাক্সাৰ যুৱকে আঁজুৰি আনিলে বিশেষ সন্মান ৷ মহাপুৰুষ গুৰুজনাই ৰচনা কৰা কবিতাটি ২৪ ঘন্টাৰ ভিতৰতে সূতাৰে গামোচাত লিপিবদ্ধ কৰি উলিয়াইছে জ্যোতিষ শৰণীয়াই ৷

অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম
অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম

বাক্সা, 12 জুন :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা "কৰতল কমল" কবিতাটি বেজীসূতাৰে গামোচাত লিপিৱদ্ধ কৰি বাক্সাৰ জ্যোতিষ শৰণীয়াই নিজৰ শিল্প কৰ্মৰ জড়িয়তে বুটলিবলৈ সক্ষম হৈছে গৌৰৱ ৷ বাক্সা জিলাৰ বৰিমাখাৰ এইগৰাকী যুৱক পেচাত এজন শিক্ষক ৷ নলবাৰী জিলাৰ নমাটি এম ই স্কুলত কৰ্মৰত শিক্ষক জ্যোতিষ শৰণীয়া সৰুৰে পৰা আকৰ্ষিত আছিল চিত্ৰ শিল্পৰ প্ৰতি ৷

স্থানীয় বৈদাশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টৰ ডিপ্লমা গ্ৰহণ কৰা জ্যোতিষ শৰণীয়া বিশেষকৈ প্ৰভান্বিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ প্ৰতি ৷ ছবি আঁকি ভালপোৱা শৰণীয়াই বিদ্যালয়ৰ পৰা উপহাৰ হিচাপে পোৱা গামোছাখনতে লিপিবদ্ধ কৰিলে মহাপুৰুষ জনাৰ এই বিখ্যাত কবিতাটি ৷ মহাপুৰুষ গুৰুজনাই ৰচনা কৰা কবিতাটি ২৪ ঘন্টাৰ ভিতৰতে সূতাৰে গামোচাত লিপিবদ্ধ কৰি উলিয়াইছে জ্যোতিষ শৰণীয়াই ৷

পিচত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুকচ অফ ৰেকৰ্ডলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷ নিজৰ নাম এনেদৰে অসম বুকচ অফ ৰেকৰ্ডত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুকচ অফ ৰেকৰ্ডত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.