ETV Bharat / state

মুছলপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন - বাক্সাৰ মুছলপুৰত

বাক্সাৰ মুছলপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত মুছলপুৰ প্ৰেছক্লাবৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আলোচনা চক্ৰৰ আয়োজন।

মুছলপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
মুছলপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
author img

By

Published : Nov 16, 2020, 10:44 PM IST

বৰমা, ১৬ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ মুছলপুৰতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। 'সংবাদ মাধ্যমৰ ওপৰত COVID-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত মুছলপুৰ প্ৰেছক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা এই আলোচনা চক্ৰৰ সঞ্চালনা কৰে বাক্সা জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্র পাঠকে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনে আলোচক হিচাপে অংশগ্রহণ কৰি কয় যে, 'সামগ্রিকভাৱে টেলিভিছনত পইচা বেছি, দায়বদ্ধতা বেছি আৰু টেলিভিছনৰ গ্লেমাৰ বেছি।'

আলোচনা চক্ৰত 'আমাৰ অসম' কাকতৰ সহকাৰী সম্পাদক মণ্টু শইকীয়া আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বাক্সা জিলা সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তয়ো আলোচক হিচাপে অংশগ্রহণ কৰে। আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ প্ৰাক ক্ষণত বাক্সা জিলাৰ জেষ্ঠ্য সাংবাদিক অনিল চন্দ্র কাকতিয়ে বন্তি প্ৰজ্বলন কৰে আৰু বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মৰণিকা 'কলম-কেমেৰা' উন্মোচন কৰে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস দিনা সাংবাদিকসকলে আগবঢ়াই অহা নি:স্বাৰ্থ সেৱাৰ শলাগ লয় সকলোৱে।

লগতে পঢ়ক:বাক্সাত মাৰণাস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.