ETV Bharat / state

বাক্সাৰ দ্বাৰকুছিত ABMSUৰ নাগৰিক সভা - তামুলপুৰ

তামুলপুৰৰ দ্বাৰকুছিত অনুষ্ঠিত হোৱা নাগৰিক সভাত ABMSUৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ গৰ্জন। আমি অসমীয়া বুলি চৰকাৰক প্ৰমাণ কৰি দিবলৈ কোনো দৰকাৰ নাই আৰু দিল্লী,দিছপুৰ,কোকৰাঝাৰে সংখ্যালঘুসকলক নাগৰিক হিচাপে গণ্য নকৰে: টাইছন হুছেইন।

বাক্সাৰ দ্বাৰকুছিত ABMSUৰ নাগৰিক সভা
বাক্সাৰ দ্বাৰকুছিত ABMSUৰ নাগৰিক সভা
author img

By

Published : Nov 5, 2020, 1:00 PM IST

বাক্সা, ৪ নৱেম্বৰ: অসমৰ সাম্প্ৰতিক পৰিস্থিতিত সংখ্যালঘুসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যেৰে বাক্সাৰ দ্বাৰকুছিত বিটিচি সংখ্যালঘু ছাত্র সন্থাৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি সংগঠনটোৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে মন্তব্য কৰে যে, 'অসমৰ সংখ্যালঘু ৰাইজে চৰকাৰলৈ ভয় কৰাৰ কোনো কাৰণ নাই। আমি অসমৰ সংখ্যালঘু ৰাইজ হাড়ে-হিমজুৱে অসমীয়া আছিলো, অসমীয়া হৈ আছো আৰু ভৱিষ্যতেও অসমীয়া হৈ থাকিম। আমি অসমীয়া বুলি চৰকাৰক প্ৰমাণ কৰি দিবলৈ কোনো দৰকাৰ নাই। অসমৰ সংখ্যালঘু ৰাইজৰ শৰীৰৰ প্ৰতিটো বিন্দুতেই অসমীয়াৰ তেজ আছে।'

দ্বাৰকুছি আঞ্চলিক ABMSUৰ সভাপতি বদৰুদ্দিন খানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছাত্র নেতা টাইছন হুছেইনে কয় যে, 'অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে আজি অস্তিত্বৰ সংকটত ভূগিছে। চৰ-চাপৰি অঞ্চলৰ মুছলমান লোকসকলো অখণ্ড ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বা অসমলৈ বৃটিছ চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰবজন হৈছিল। সেই লোকসকলক দাড়ি, লুঙী, টুপীৰ নামত ৰাজনীতি কৰি বিগত সময়ত ৰাজনৈতিকভাৱে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে।'

এই ৰাজনীতি সহ্য কৰা নহ'ব বুলিও সকিয়াই দিয়ে ছাত্ৰ নেতাজনে। কেৱল এয়াই নহয়। দিল্লী, দিছপুৰ, কোকৰাঝাৰে সংখ্যালঘুসকলক নাগৰিক হিচাপে গণ্য নকৰে বুলিও ক্ষোভ প্ৰকাশ কৰে। মাথোঁ ভোট বেংক হিচাপে এইসকল লোকক ব্যৱহাৰ কৰি আহিছে আৰু নিৰ্বাচনৰ দিনা ভোটগ্ৰহণ শেষ হোৱাৰ পিছতে সংখ্যালঘু মুছলমানসকলৰ ম্যাদ শেষ হৈ যায় বুলিও মন্তব্য কৰে টাইছন হুছেইনে। আনহাতে, নাগৰিক সভাত উপস্থিত থাকি বিটিআৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজৰ ভূমিকা কেনে হোৱা উচিত সেই বিষয়ে বক্তব্য আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে।

লগতে পঢ়ক:বিনিদ্ৰ ৰজনী ৰঙিয়াৰ মাদৈকটাৰ কৃষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.