তামুলপুৰ 4 আগষ্টঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ নগৰ সমিতিয়ে শনিবাৰে গোৰেশ্বৰ অঞ্চলৰ কেবাটাও আত্মসহায়ক গোট আৰু কেইবাখনো বিদ্যালয়ৰ সহযোগত গোৰেশ্বৰ নগৰত স্বচ্ছ অভিযান ৷ এই অভিযানৰ অধিনত আত্মসহায়ক গোটকেইটাৰ সদস্যয়ে নগৰ খন চাফ চিকুণ কৰে ৷ গোৰেশ্বৰ নগৰ সমিতিৰ কাৰ্য্যালয়ৰ সমুখৰ পৰা আৰম্ভ কৰা কাৰ্য্যসূচী টোৰ নেতৃত্বত বহন কৰে গোৰেশ্বৰ নগৰ সমিতিৰ অধ্যক্ষ ধনঞ্জয় বড়োৱে। স্বচ্ছ ভাৰত কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সময়তে নগৰ সমিতিয়ে গোৰেশ্বৰ নগৰত এৰাল হৈ ঘুৰি ফুৰা গৰুৰ গৰাকী সকলক উদ্দেশ্যি গৰু বোৰ নগৰ খনৰ মাজমজিয়াত এৰাল নিদিবলৈ আহ্বন জনাই শব্দযন্ত্ৰ যোগে ঘোষণা দিয়ে। এই ঘোষণা অমান্য কৰি গৰু এৰাল দিয়ে নগৰ সমিতিয়ে ৫০০টকা জৰিমনা বিহিব বুলি ঘোষণাত উল্লেখ কৰে।নগৰ সমিতিয়ে স্থানীয় ব্যৱসায়ী সকলকো নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত চাফ চিকুণ কৈ ৰাখিবলৈ আহ্বান জনাই।
উল্লেখযোগ্য যে কিছুদিন আগতে নগৰ সমিতিয়ে গোৰেশ্বৰ নগৰৰ প্ৰতিগৰাকী ব্যৱসায়ীক একোটাকৈ ডাষ্টবিন যোগান ধৰিছিল ৷ এই ডাষ্টবিন বোৰ ব্যৱহাৰ কৰিব লৈ ব্যৱসায়ী সকলক আহ্বন জনাই নগৰ সমিতিয়ে ৷