ETV Bharat / state

বি টি আৰত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিৰ বিকাশত গুৰুত্ব দিব বিটিচিয়ে - বিটিআৰ চুক্তি

বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে আজি মুছলপুৰত অনুষ্ঠিত হয় এখন বিশেষ সাংস্কৃতিক অনুষ্ঠান ৷ উক্ত সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীয় লোক সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷

cultural programe innugaration By Pramod Baro
বিটিআৰত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিৰ বিকাশত গুৰুত্ব দিবঃ প্ৰমোদ বড়ো
author img

By

Published : Jan 25, 2021, 3:56 PM IST

বাক্সা, ২৫ জানুৱাৰী : বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

বিটিআৰত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিৰ বিকাশত গুৰুত্ব দিবঃ প্ৰমোদ বড়ো

ইফালে এক সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত মন্তব্য কৰে যে, বিটিআৰত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ গাঁৱে ভূঞে থকা জনগোষ্ঠীয় সাংস্কৃতিক দল সমূহক উলিয়াই আনিবলৈ বিটিচি প্ৰশাসনে কাৰ্যপন্থা গ্ৰহণ কৰিব ৷ বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই বিটিআৰ চুক্তি ৰূপায়ন কৰা হ'ব ৷

এই সাংস্কৃতিক সমাৰোহত বড়ো চিখলাৰ বাগৰুম্বা, চাওতালী নৃত্য, গোৰ্খা, বিহু, ৰাভা, হাজং জনগোষ্ঠীৰ বিভিন্ন নৃত্যৰে মুখৰিত হয় মুছলপুৰৰ দুৰ্গা মন্দিৰ চৌহদ ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োও উপস্থিত থাকে ৷

লগতে পঢ়ক-২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.