বাক্সা, 20 জুলাই: গোপন সূত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত বাক্সাৰ শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত এটা দলে,শিমলাত অভিযান চলাই উদ্ধাৰ কৰে কেইবাটাও মাৰণাস্ত্ৰ ৷ মাটিত পুতি থোৱা অৱস্থাত শিমলাত আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰণাস্ত্ৰ সমূহ ৷ অভিযানত উদ্ধাৰ হয় এটা AK 47, এটা মেগজিন আৰু 39 জাই সজীৱ গুলী ৷
আনহাতে গোৰেশ্বৰতো চলোৱা আন এক অভিযানত গোৰেশ্বৰ আৰু সুৱাগপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা AK 47, দুটা মেগজিন, দুটা পিষ্টলসহ কেইবা জাই সজীৱ গুলী ৷ বৰ্তমানেও অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিজয় প্ৰতীক থুবেয়ে ৷

লগতে পঢ়ক: ৰক্তপাত আৰু ছদ্মাৰ বাবে বিকাশ ডুবেৰ মৃত্যু : মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট