ETV Bharat / state

Ellora Vigyan Mancha: বৰমাত কুসংস্কাৰ বিৰোধী দিৱসত আলোচনাচক্ৰ - Hemchandra Baruah birth anniversary in Assam

বাক্সাৰ বৰমাত অন্ধবিশ্বাস আৰু কুসংস্কাৰ-বিৰোধী দিৱস উপলক্ষে আলোচনাচক্ৰ । ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha), নলবাৰী শাখাৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম দিৱস উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ-বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এই আলোচনা-চক্ৰ অনুষ্ঠিত হয় ।

Baksha
Baksha
author img

By

Published : Dec 10, 2022, 8:13 PM IST

বৰমাত কুসংস্কাৰ বিৰোধী দিৱসত আলোচনাচক্ৰ

বাক্সা, ১০ ডিচেম্বৰ : বাক্সা জিলাৰ বৰমাত ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha), নলবাৰী শাখাৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম দিৱস উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ-বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এক আলোচনা-চক্ৰ অনুষ্ঠিত হয় (Ellora Vigyan Mancha anti Superstitions day) ।

বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ ভাৰত চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি ড৹ পৱন চহৰীয়া, বিশিষ্ট গৱেষক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মা, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডাঃ মনোৰঞ্জন শৰ্মা, অৱসৰী অধ্যাপক ড৹ ফণীধৰ তালুকদাৰ, বৰমা হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক কালিকান্ত দাস আদিয়ে অংশগ্ৰহণ কৰে ৷

মুখ্য বক্তা হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয় পদাৰ্থ বিজ্ঞানৰ বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পৱন চহৰীয়া (anti Superstitions day observed in Baksa) ৷ সভাত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰজাৰ হাইস্কুল, বৰমা ছোৱালী হাইস্কুলৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায় ৷

উল্লেখ্য, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিনটো ইলোৰা বিজ্ঞান মঞ্চই অন্ধবিশ্বাস আৰু কুসংস্কাৰ-বিৰোধী দিৱস হিচাবে পালন কৰি আহিছে । ১৮৩৫ খ্ৰীষ্টাব্দৰ ১০ ডিচেম্বৰত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত মুক্তাৰাম বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰা বৰেণ্য অসমীয়াগৰাকীক ওপজা দিনটোত সুঁৱৰিছে ৰাজ্যবাসীয়ে (Hemchandra Baruah birth anniversary) । অসমীয়া সাহিত্যৰ পথাৰ চহাই সাহিত্যৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি অসমীয়া সাহিত্যৰ ভেটি গঢ়া বৰেণ্য অসমীয়াগৰাকীৰ এই ওপজা দিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত (Hemchandra Baruah birth anniversary in Assam) ।

অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক, ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষ অভিধানৰ প্ৰণেতা (Hemkosh Assamese Dictionary) । তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয় । উল্লেখ্য, হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত ।

নানান প্ৰতিকূল পৰিস্থিতিকো প্ৰত্যাহ্বান জনাই তেখেতে সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল । এইবোৰৰ উপৰি তেখেতে অসমত মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদ‍ই সংবাদ-পত্ৰৰ লগতো জড়িত হৈ আছিল (Arunodoi paper of christian missionary) । ১৮৯৭ চনত তেখেতৰ মৃত্যু হয় ।

লগতে পঢ়ক :Assam Movement Martyrs Day : অসম আন্দোলনৰ আঘাতপ্ৰাপ্তলৈ ২ লাখকৈ আৰ্থিক অনুদান প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.