বাক্সা, 2 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ গৃহনিৰ্মানৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা নতুন নহয় । এইবাৰ বাক্সাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কুমাৰীকাটাৰ ৫ নং ভিচিডিচিৰ অন্তৰ্গত পাক্ৰীবাৰী গাঁৱৰ VCDC ৰ সদস্য পদ্মা ৰাভাৰ ওপৰত টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ পৰিয়ালৰ লোকে ৷
জানিব পৰা মতে, যোজনাখনৰ অধীনত প্ৰথমটো ঘৰ পদ্মা ৰাভাৰ সম্বন্ধীয় দেওৰেক বিটিচাৰ ৰাভাৰ নামত আহিছিল ৷ কিন্তু পদ্মা ৰাভাই তিনি বছৰ পূৰ্বে নামমাত্ৰ কাম আৰম্ভ কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ আত্মীয়ই ৷ সমান্তৰালকৈ দ্বিতীয় ঘৰটো পদ্মা ৰাভাৰ সম্বন্ধীয় শাহুৱেক গোলাপী ৰাভাই লাভ কৰিছিল যদিও সেই টকাও আত্মাসাৎ কৰে পদ্মা ৰাভাই ৷ ফলস্বৰূপে বৃদ্ধাগৰাকীয়ে পোৱা ঘৰটো তিনি বছৰ ধৰি আধৰুৱা হৈ পৰি থাকে । যোজনাখনৰ অধীনত তৃতীয় ঘৰটো লোহিত ৰাভাই লাভ কৰিছিল যদিও ঘৰটো বনাবলৈ অহা টকা আত্মাসাৎ কৰা বাবে লোহিত ৰাভাৰ জীৱিত কালত ঘৰটো সম্পূৰ্ণ নহ'ল ৷
উল্লেখ্য যে, ২০২২ চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালক বাসোপযোগী গৃহ প্ৰদান কৰাটোৱে হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ মূল লক্ষ্য । কিন্তু বিভাগীয় সদস্যসকলৰ দুৰ্নীতিকৰণৰ ফলত এতিয়া এই যোজনা ক্ৰমাৎ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷