ETV Bharat / state

ক'ৰণাৰ নামত বিটিচিত নাটক চলি আছেঃ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন - all btc bangali youth federation

সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অভিযোগ ক'ভিড -19 ৰ নামত অসম তথা বিটিচিত নাটক চলি আছে ৷ ফেডাৰেচনৰ অভিযোগ বিটিচিত ৰাজ্যপালৰ শাসন চলি থকা অৱস্থাত বিটিচিবাসী ৰাইজক পণ বন্দী কৰি ৰখা হৈছে ৷ বিটিচিত সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তুলি বিটিচিত হিন্দু বাঙালী সকলে বিপিএফকে সমৰ্থন জনাব বুলিও ফেডাৰেচনে সদৰী কৰে ৷

ক'ৰণাৰ নামত বিটিচিত নাটক চলি আছেঃ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন

author img

By

Published : Sep 25, 2020, 2:50 PM IST

বাক্সা, 25 চেপ্তেম্বৰ: ক'ভিড -19 ক লৈ বিটিচি তথা সমগ্র অসমত এখন বিৰাট নাটকৰ সৃষ্টি হৈ থকাৰ অভিযোগ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰৰ ৷ শুকুৰবাৰে তামুলপুৰত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সাংবাদিকক উদ্দেশ্যি শ্যামল সৰকাৰে এই অভিযোগ তোলে ৷ বিজেপি চৰকাৰৰ নাটক আমি বুজি পোৱা নাই বুলি মন্তব্য কৰি সৰকাৰে লগতে অভিযোগ কৰে যে বিটিচিত ৰাজ্যপালৰ শাসন চলি থকা অৱস্থাত বিটিচিবাসী ৰাইজক পণ বন্দী কৰি ৰখা হৈছে ৷

ক'ৰণাৰ নামত বিটিচিত নাটক চলি আছেঃ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন

তেওঁ কয়,"যি সময়ত ৮৩০ টকাৰ বাবে হাজাৰ হাজাৰ মানুহে আধাৰ কাৰ্ডৰ বাবে লাইন পাতিছে। বিটিচিত হাজাৰ হাজাৰ মানুহ লৈ ৰাজনৈতিক দলবোৰে সভা সমিতি অনুষ্ঠিত কৰি আছে । মানুহে গুৱাহাটী লৈ গৈ আছে,হাজাৰ হাজাৰ গাড়ীৰ লাইন,বজাৰত মানুহৰ ভীৰ,শ্বপিংমলত ভীৰ। সকলোবোৰ খোলা হৈছে কিন্তু বিটিচিত নিৰ্বাচন পাতিব নোৱাৰে।" বিটিচিৰ ৰাইজে এই পণ বন্দীত্বৰ পৰা অৱসান হোৱাটো বিচাৰিছে বুলি মন্তব্য কৰি বিটিচিত সোনকালে নিৰ্বাচন পাতিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে ৷

সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ পুনৰ কয় যে স্বাধীনতাৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে বাঙালী হিন্দু সকলক শোষণ কৰি আহিছে। আনকি হিন্দু বাঙালী সকলক ১৯০৫ চনৰ বঙ্গ বিভাজনৰ পৰাই নিশেষঃ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে । ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ আহিলে ভবা হৈছিল বাঙালী হিন্দু সকলৰ সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক সমস্যা বোৰ উদ্ধাৰ হ'ব। কিন্তু বিজেপি চৰকাৰে কা আৰু কেবৰ নামত অসমৰ অসমীয়া আৰু বাঙালী সকলৰ মাজত বিৰাট বিভাজনহে আনিলে। কা চৰকাৰে আনিলে কিন্তু ছমাহেও কাৰ্যকৰী নকৰাৰ ৰহস্যটো কি বুলিও তেওঁ প্ৰশ্ন তোলে । আনহাতে বৰ্তমান সময়তো বাক্সা জিলাৰ বিভিন্ন ঠাইত বিদেশীৰ নামত বিভিন্ন লোকক জাননী প্ৰেৰণ কৰা বুলিও তেওঁ সদৰী কৰে।

বিদেশী ন্যায়াধীশকৰণৰ বিচাৰ সমূহ ট্ৰিবিউনেল কোৰ্টত নকৰি চি এচ পিত সমাধান কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় ৷ সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিটিচিৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত বাঙালী হিন্দু সকলে বিপিএফকে সমৰ্থন জনাব বুলি তেওঁ সদৰী কৰে। ইতিমধ্যে এই সম্পৰ্কে তেওঁ লোকে বিপিএফৰ সতে এক লিখিত চুক্তিও কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে। সাংবাদিকৰে হোৱা কথা বাৰ্তাত তেওঁ প্ৰকাশ কৰা মতে অহা অক্টোবৰ মাহৰ শেষৰ ফালে ঢেকীয়াজুলিত এখন জাতীয় অভিবৰ্তন পাতি অসমৰ শোষিত,বঞ্চিত জাতি জনগোষ্ঠীক লৈ ভাৰতীয় গণ পৰিষদ দলটোক শক্তিশালী কৰা হব ।

লগতে পঢ়ক : বিজেপিক বণিক শ্ৰেণীৰ দল আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.