বৰমা,২৫ চেপ্তেম্বৰঃ বাক্সা জিলাৰ মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত শুকুৰবাৰে বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাই এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখযোগ্য যে,আদিবাসী সকলক জনজাতিকৰণ কৰা,মাটিৰ পট্টা বিতৰণৰ লগতে চৰকাৰে পূৰ্বে ঘোষণা কৰা চাহ শ্ৰমিকক দৈনিক মজুৰি ৩৫০ টকা দিম বুলি কৰা প্ৰতিশ্ৰুতি পালন কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায় ৷
প্ৰতিবাদকাৰী সকলে "ন এছ টি ন ৰেষ্ট" "চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক" "আমাক মাটিৰ পট্টা প্ৰদান কৰক" আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷ আনহাতে বিজেপি চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলক জনজাতিকৰণ নকৰিলে তীব্ৰ গণ আন্দোলন কৰাৰ হুকাৰ দিয়ে আদিবাসী ছাত্ৰ সন্থাই ৷
লগতে পঢ়কঃ যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ডিমা হাচাও