ETV Bharat / state

Acute drinking water crisis: নদীৰ ঘোলা পানীৰে পিয়াহ গুচাইছে স্বৰ্গপুৰৰ ৰাইজে

author img

By

Published : Mar 3, 2022, 9:04 PM IST

ঠাইখনৰ নাম স্বৰ্গপুৰ ৷ কিন্তু স্বৰ্গপুৰত নাই স্বৰ্গীয় সুখ । স্বাধীনতাৰ ৭৪ বছৰ পাছতো উন্নয়নৰ মুখ দেখা নাই তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা এই অঞ্চলটোৱে (Acute drinking water crisis in Swargpur) ৷ ঘোলা পানীত কলেৰা খাই জীৱন কটাইছে স্বৰ্গপুৰৰ ৰাইজে ৷

Jal Jeevan Mission in Assam
নদীৰ ঘোলা পানীৰে পিয়াহ গুচাইছে স্বৰ্গপুৰৰ ৰাইজে

তামুলপুৰ, 3 মাৰ্চ : এখন গাঁও, নাম স্বৰ্গপুৰ ৷ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত আছে এইখন স্বৰ্গপুৰ (Swargpur village in Bhutan border)। কিন্তু স্বৰ্গপুৰত নাই স্বৰ্গীয় সুখ । এশ এবুৰি সমস্যাৰে ভৰপূৰ এইখন স্বৰ্গপুৰ গাঁও । খোৱাপানী টুপিৰ কাৰণেও জীয়াতু ভুগি আহিছে স্বৰ্গপুৰত বাস কৰা জনসাধাৰণে (Acute drinking water crisis in Swargpur) । স্বাধীনতাৰ ৭৪ বছৰ পাছতো উন্নয়নৰ মুখ দেখা নাই তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা এই অঞ্চলটোৱে ৷

এশ এবুৰি সমস্যাৰে জীয়াতু ভুগি স্বৰ্গপুৰত বাস কৰি আছে এইখন স্বাধীন ভাৰতৰ নাগৰিকে । ভিন্ন সময়ত চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল এই স্বৰ্গপুৰবাসী ৰাইজৰ সমস্যাৰ । বৰ্তমান বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু ইউপিএল এল নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ যি সময়ত ঘৰ ঘৰ নল ঘৰ ঘৰ জল শ্ল’গানেৰে জল জীৱন আঁচনিৰ দৰে বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰিছে (Jal Jeevan Mission in Assam), তেনে আঁচনিয়ে কিন্তু ঢুকি পোৱা নাই এই অঞ্চলসমূহক ।

বছৰ বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত (Drinking water crisis) পাহাৰৰ পৰা বৈ অহা নদী, ডোং আদিৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰি আহিছে । ৰাইজে জল জীৱন অভিযানৰ কথা শুনিছে যদিও আজিলৈকে তাৰ সুবিধা লাভ কৰা নাই ৷

আজিলৈকে অঞ্চলটোৰ ৰাইজে পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনি কিম্বা অন্য কোনো চৰকাৰী সুবিধা । যাৰ বাবে কেইবা কিলোমিটাৰ খোজ কাঢ়ি গৈ ভূটানৰ পাদদেশৰ পৰা বৈ অহা মটঙা আৰু বাল্টি নৈৰ অপৰিষ্কাৰ পানী সংগ্ৰহ কৰিয়েই তৃষা নিবাৰণ কৰাৰ লগতে ৰন্ধন কাৰ্য, গা-ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আদিত ব্যৱহাৰ কৰে এই লোক সকলে ৷ ইয়াৰ লগতে পোহনীয়া জীৱ-জন্তুকো খুৱাব লগাত পৰিছে সেই পানী ৷

ইফালে খৰালি কালত নদীৰ বুকুত পানী শুকাই গ’লে অঞ্চলটোত খোৱা পানীৰ অভাৱত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতিৰ ৷ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত অঞ্চলবাসীয়ে মুক্ত ঠাইৰ পৰা এই বৰবিহ সদৃশ পানী খোৱাৰ ফলত বহু সময়ত বহু অচিন ৰোগত আক্ৰান্ত হৈছে আহিছে ৷ বহু লোকে অকালতে মৃত্যুক আকোঁৱালি ল’ব লগাও হৈছে ।

উল্লেখ যে, কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি যোৱা জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি সমূহো এতিয়া এক সাঁথৰত পৰিণত হৈছে গাঁওবাসীৰ বাবে ।

স্বৰ্গপুৰৰ ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিধিক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও চৰকাৰে এই দাবীক আজিকোপতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷ স্বৰ্গপুৰবাসীৰ দুৰ্দশা ৰজাঘৰীয়াই বুজিবনে ? নে এইদৰেই ঘোলা পানীত কলেৰা খাই জীৱন কটাব লাগিব তেওঁলোকে ? সেয়া যেন উত্তৰ বিহীন প্ৰশ্ন ৷

লগতে পঢ়ক : দুৰ্নীতি কৰিবলৈ মন্ত্ৰী-বিধায়ক কেতিয়াও নাছিল ভুৱন গাম: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.