ETV Bharat / state

বাক্সাত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ

শনিবাৰে পুৱতি নিশা বাক্সাৰ তামুলপুৰত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত বৰযাত্ৰীৰ দলটোৰ কেইবাজনো লোক আৰু দুই মাৰুতি আৰোহী গুৰুতৰভাৱে আহত হয় যদিও বৰ্তমান তেওঁলোক সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Nov 28, 2020, 10:47 AM IST

baksa accident
বাক্সাত পথ দুৰ্ঘটনা

বাক্সা,28 নৱেম্বৰ : বাক্সা জিলাৰ তামুলপুৰত শনিবাৰে পুৱতি নিশা প্ৰায় 3 বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় দুই মাৰুতি আৰোহী ৷

baksa accident
বাক্সাত পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি,ভৱানীপুৰৰ পৰা কুমাৰীকাটালৈ AS-01GC-7453 নম্বৰৰ বাছেৰে কইনা নিবলৈ যোৱা বৰযাত্ৰীৰ দলটোৱে কইনা লৈ ৰঙিয়া অভিমুখে উভতাৰ পথত বিপৰীত দিশৰ পৰা অহা AS-01AJ-1360 নম্বৰৰ এখন মাৰুতি বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ ৰঙিয়া-ভূটান পথত হোৱা এই সংঘৰ্ষত মাৰুতি বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰু বাছখন পথৰ দাতিত বাগৰি পৰে ৷

স্থানীয় লোকে সদৰি কৰা মতে,ঘটনাটোত মাৰুতি বাহনৰ চালকসহ আন এজন লোক গুৰুতৰভাৱে আহত হয় । আনহাতে বাছত থকা দৰা-কইনাৰ কথমপি প্ৰাণ ৰক্ষা পৰে আৰু বৰযাত্ৰী দলৰ বহুকেইজন লোক আহত হয় যদিও বৰ্তমান তেওঁলোক সংকটমুক্ত । আহত লোক কেইজনক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পাচত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোক সংকটমুক্ত বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ধন আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়ে পঞ্চায়তৰ জিআৰএছে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.