ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন - বাক্সাৰ কুমাৰীকাটাত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন

আনহাতে এই সভাতে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ লগত সংগতি ৰাখি ডেহৰাদোনত MSW শিক্ষা সমাপ্ত কৰা মুছলপুৰৰ সমাজসেৱীকা লীলা ব্ৰহ্মক সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শিক্ষয়ত্ৰীসকলকো সম্বৰ্ধনা জনোৱা নাই ।

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন
আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন
author img

By

Published : Mar 8, 2020, 5:16 PM IST

বাক্সা, 8 মাৰ্চঃ আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস । ইয়াৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্র সন্থাৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত বাক্সাত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বড়ো জনগোষ্ঠীয় মহিলাসকলক একত্ৰিত কৰি সমাজত প্ৰচলিত কুঃসংস্কাৰ, ঘৰুৱা অত্যাচাৰ, ডাইনী হত্যাৰ বিষয়ে এই অনুষ্ঠানত পৰ্যালোচনা কৰা হয় ।

উক্ত অনুষ্ঠানত কুমাৰীকাটা অঞ্চলৰ বড়ো মহিলাসকল যাতে বিভিন্ন দিশত আগবাঢ়ি যাব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আনহাতে এই সভাতে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ লগত সংগতি ৰাখি ডেৰাডুনত MSW শিক্ষা সমাপ্ত কৰা মুছলপুৰৰ সমাজসেৱিকা লীলা ব্ৰহ্মক সম্বৰ্ধনা জনোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শিক্ষয়ত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয় ।

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন

লগতে পঢ়কঃ সংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা

উক্ত সভাত উপস্থিত থাকে তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক ফুনিন্দ্ৰ নাৰ্জাৰী, ইউপিপিএল দলৰ উপ সভাপতি ৰাফেল দৈমাৰী, বাক্সা জিলা এবছুৰ সম্পাদক জলেন দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.