বাক্সা, 15 ছেপ্তেম্বৰঃ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত ২নং সোনাপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ কিশোৰীগৰাকীৰ শৰীৰৰ বহু অংশত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ইতিমধ্যে বৰবৰী আৰক্ষীয়ে ঘটনা সংক্ৰান্তত সোধপোছৰ বাবে দুজন লোকক আটক কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়ে ৷ আনহাতে, এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে বাক্সা জিলা এবছুৱে ৷
লগতে পঢ়ক-মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী