বৰমা, 2 নৱেম্বৰ : যোৱা ৩১ অক্টোবৰ শনিবাৰে, মুছলপুৰ বিপিএফ দলৰ একাংশ সদস্যই বাক্সা জিলাৰ বৰমাস্থিত এবছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে সোমবাৰে এবছুৰ কৰ্মকৰ্তা সকলে বাক্সা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
বাক্সা জিলা এবছুৰ সভাপতি নৃপেন চন্দ্ৰ বড়োৰ দাবী, যিসকল বিপিএফ দলৰ লোকে বৰমা এবছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে, সেইসকলক অতি শীঘ্ৰেই যাতে গ্ৰেপ্তাৰ কৰা হয় ৷
লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল