বৰমা,৩০অক্টোবৰঃ বিগত সময়চোৱাত বিপিএফ আৰু বিজেপিৰ মাজত যি সংঘাত প্ৰকট হৈ উঠিছে ই এক নাটকৰ বাহিৰে আন একো নহয়। বিজেপি, বিপিএফ আৰু ইউ পি পি এল দলে গোপন বুজা-বুজিৰে বিটিচি দখল কৰাৰ যি ব্লু-প্ৰিন্ট ৰচনা কৰিছে সেই অভিসন্ধি কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। শুকুৰবাৰে বাক্সা জিলাৰ থমনাত অবড়ো সুৰক্ষা সমিতি অসমৰ আহ্বানত মুছলপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত উপস্থিত থাকি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সাংবাদিকৰ আগত এইদৰে কয় ৷
সাংসদ গৰাকীয়ে লগতে কয় যে, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে পৰাজয়ৰ আশংকা কৰি দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও দুয়োটা সমষ্টিতে পৰাজয় হোৱাটো একেবাৰে নিশ্চিত । আনহাতে বিজেপি দলৰ বিৰূদ্ধে সাংসদ গৰাকীয়ে কয় যে, বিটিচিত অসমীয়া ভাষাটো নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ মূলতে হ'ল বিজেপি দল।
আনহাতে সাম্প্ৰতিক সময়ত সবাতোকৈ চৰ্চিত মিঞা মিউমিয়ামৰ বিতৰ্কৰ প্ৰসংগত সাংসদ গৰাকীয়ে কয় যে, বিধায়ক শ্বেৰমান আলী আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক লাভালাভৰ বাবে অনাহকত এই বিতৰ্কৰ সৃষ্টি কৰিছে যদিও এই বিতৰ্ক অবান্তৰ । এনেধৰণৰ কথাই সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
লগতে পঢ়কঃ হিমাচল প্ৰদেশৰ ৰাজপথত শীঘ্ৰে চলাচল কৰিব বৈদ্যুতিক বাছ