বাক্সা,28 জুনঃ মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত শতাধিক এ বি এমছু কৰ্মীৰ প্ৰতিবাদ । কোকৰাঝাৰত আততায়ীৰ গুলীত নিহত হোৱা এ বি এমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাৰ দুবছৰৰ পাছতো হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱাত শুকুৰবাৰে পুনৰ উত্তাল হৈ পৰে বাক্সা জিলাৰ সদৰ মুছলপুৰ ৷
সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এ বি এমছুৰ শালবাৰী জিলা কমিটিৰ উদ্যোগত মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত শতাধিক সদস্যই হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল কৰি তুলিলে পৰিৱেশ । প্ৰতিবাদকাৰীসকলে এ বি এমছু জিন্দাবাদ, লাফিকুল ইচলামৰ হত্যাৰ বিচাৰ লাগে,এন আৰ চিত প্ৰকৃত ভাৰতীয়ৰ নাম সন্নিবিষ্ট কৰক,ডি ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ কৰক,বি টি চি চুক্তি পুনৰীক্ষণ কৰক আদি ধ্বনি দিয়ে ৷ পৰৱৰ্তী সময়ত বাক্সা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।