বাক্সা, 22 নৱেম্বৰঃ তীব্ৰতৰ হৈ পৰিছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ বিটিচিক নিজৰ দখললৈ অনাৰ বাবে ৰণক্ষেত্ৰত নামি পৰিছে বহু বাঘা বাঘা নেতা ৷ সমান্তৰালকৈ বিজেপি দলেও বড়োভূমিত তীব্ৰ কৰি তুলিছে প্ৰচাৰ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰনজিৎ দাসকে আদি কৰি কেইবগৰাকীয়ো নেতাই সমষ্টিয়ে সমষ্টিয়ে চলাইছে প্ৰচাৰ ৷ ইয়াৰ মাজতে দেওবাৰে বাক্সাৰ তামুলপুৰত বিজেপিৰ সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন ৷
কুমাৰীকাটাৰ 26 নং দৰঙাজুলিত বিজেপিৰ সভাত অংশগ্ৰহণ কৰিবলৈ অহা সময়তেই মন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰে তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিয়ে ৷ বিজেপি বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিও দাহ কৰে সংগঠন দুটাৰ সদস্যসকলে ৷