ETV Bharat / state

বাক্সাত CAA,EIA বাতিলৰ দাবীত বাইক ৰেলী - বাক্সাৰ গান্ধীবাৰীত CAA,EIA বাতিলৰ দাবীত বাইক ৰেলী

বাক্সাৰ তামুলপুৰৰ গান্ধীবাৰীত দক্ষিণ ডেফেলী আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত CAA আৰু EIA বাতিলৰ দাবীত বাইক ৰেলী ।

AASU, AJYCP bike really for demanding cancellation of CAA, EIA
বাক্সাত CAA,EIA বাতিলৰ দাবীত বাইক ৰেলী
author img

By

Published : Sep 5, 2020, 7:32 PM IST

বাক্সা, 5 ছেপ্তেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু বাক্সা জিলা ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰৰ গান্ধীবাৰীত দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ ডেফেলী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শনিবাৰে এক বাইক ৰেলী বাহিৰ কৰা হয় ৷

দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ ডেফেলী আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা (EIA) ৰ বাতিলৰ দাবীত এই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বাইক ৰেলীত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ শতাধিক অংশগ্ৰহণকাৰীয়ে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, CAA আমি নামানো, CAA বাতিল কৰক, EIA বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায়-হায় আদি শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰৰ এই বাইক ৰেলীত বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাস, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক কুমুদ ডেকা, সভাপতি অজয় বড়ো, দক্ষিণ গান্ধীবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ পাটোৱাৰী, সম্পাদক জয়দেৱ দাস, যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মী সকলে অংশহগ্ৰহণ কৰে ৷

বাক্সাত CAA,EIA বাতিলৰ দাবীত বাইক ৰেলী

এই বাইক ৰেলীৰ শুভ উদ্বোধন কৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাসে ৷ বাইক ৰেলীটো গান্ধীবাৰীত শুভাৰম্ভৰে ৰঙিয়া-লতিবাৰী পথেৰে দহ কিল'মিটাৰ পথ পৰিভ্ৰমণ কৰি পুনৰ গান্ধীবাৰীতে সামৰণি পৰে ৷

লগতে চাওক-অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.