ETV Bharat / state

2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন বিজেপিকঃ আদিবাসী ছাত্ৰ সন্থা - AAASU

চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷ 2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন কৰিব বিজেপি দলক ৷

2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন বিজেপিকঃ আদিবাসী ছাত্ৰ সন্থা
2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন বিজেপিকঃ আদিবাসী ছাত্ৰ সন্থা
author img

By

Published : Feb 1, 2020, 9:24 PM IST

Updated : Feb 2, 2020, 3:51 PM IST

বাক্সা, 1 ফেব্ৰুৱাৰীঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে 3 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ ঘোষণা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷ বাক্সা জিলাৰ বৰমাত শনিবাৰে এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদৰি কৰে এই কথা ৷ দীৰ্ঘদিন ধৰি আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ নামত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পিচত শাসনৰ গাদী দখল কৰি বিজেপি চৰকাৰেও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচটো আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হুংকাৰ

ইপিনে আদিবাসী জনগোষ্ঠীটোৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ পৰা বঞ্চিত কৰাৰ পৰিপ্ৰেক্ষিত ছাত্ৰ সন্থাটোৱে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ অহা তিনি ফেব্ৰুৱাৰীত প্ৰতিখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী, বিধায়কৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিব ছাত্ৰ সন্থাটোৱে ৷ 2021 চনৰ ভিতৰত জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে বিজেপি দলক বৰ্জন কৰিব বুলিও ভাবুকি দিয়ে সভাপতি প্ৰদীপ নাগে ৷

Intro:Body:বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসুচী ঘোষনা আদিবাসী ছাত্ৰ সন্থাৰঃ
২০২১ চনৰ পূৰ্ৱে জনজাতিকৰণ নকৰিলে বৰ্জন কৰিব বিজেপি দলকঃ

বৰমা,
চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসুচী ঘোষনা সদৌ অসম ছাত্ৰ সন্থাৰ ৷ তিনি ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন কৰিব ছাত্ৰ সংগঠনটোৱে ৷ বাক্সা জিলাৰ বৰমাত আজি এখন সাংগঠনিক সভাত অংশগ্ৰহন কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ দীৰ্ঘদিন ধৰি আদিবাসী জনগোষ্ঠীক জনজাতি কৰণৰ নামত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পিচত শেহতীয়াভাৱে বিজেপি চৰকাৰেও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছটো আজিলৈকে কোনো পদক্ষেপ গ্ৰহন নকৰিলে ৷ আনহাতে জনগোষ্ঠীটোৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ পৰা বঞ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসুচী গ্ৰহন কৰিব ৷ জানিব দিয়া মতে অহা তিনি ফেব্ৰুৱাৰীত প্ৰতিখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্নুখত ধৰ্না কাৰ্যসুচী, বিধায়কৰ বাসগৃহ ঘেৰাও কাৰ্যসুচী ৰূপায়ন কৰিব ৷ আনহাতে ২০২১ চনৰ ভিতৰত জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে বিজেপি দলক বৰ্জন কৰিব বুলিও ভাবুকি দিয়ে সভাপতি প্ৰদীপ নাগে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:
Last Updated : Feb 2, 2020, 3:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.