ETV Bharat / state

অভিযন্তা নে চোৰ ?

author img

By

Published : Aug 12, 2021, 8:13 PM IST

Updated : Aug 12, 2021, 8:48 PM IST

ৰাজ্যত প্ৰতিদিনে বিভিন্ন ধৰণৰ চুৰি কাণ্ডই সংবাদ শিৰোনাম দখল কৰি থাকে ৷ যেতিয়া এই চুৰি পন্থা চৰকাৰী কৰ্মচাৰীয়ে সহজ পন্থা বিচাপে বাছি লয়, কেনে লাগে বাৰু শুনি ৷ তেনে এক কাণ্ডই সংঘটিত হৈছে এইখন অসম মুলুকত ৷

a thief is an engineer
চোৰ যেতিয়া অভিযন্তা হয়

বাক্সা,12 জুলাই : ৰাজ্যত প্ৰতিদিনে বিভিন্ন প্ৰান্তত চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ একাংশই আৰ্থিক অনাতন আৰু একাংশই এলেহুৱা স্বভাৱৰ বাবে বা কোনোৱে তাগিদাত পৰি চুৰি বৃ্ত্তিত নিমজ্জিত হয় ৷ লোকৰ ধনৰে চলিবলৈ বিচৰা একাংশ লোকেও সাধৰণতে চোৰ বৃত্তিকে সহজ পন্থা হিচাপে আঁকোৱালি লয় ৷ কেতিয়াবা সুন্দৰ ভাবেই চুৰি কাৰ্য সংঘটিত কৰে আৰু কেতিয়াবা ধৰা পৰিলে ঔকিল খায় মানুহৰ পৰা ৷ কিন্তু যেতিয়া এই চুৰি কাৰ্য চৰকাৰী বিষয়াই কৰে শুনিবলৈ কেনে লাগে বাৰু ৷

এইবাৰ তেনে এক চুৰি কাৰ্যৰ সৈতে নাম সাঙোৰ খাইছে এগৰাকী কণিষ্ঠ অভিযন্তাৰ ৷ অভিযন্তা গৰাকীয়ে আকৌ কি চুৰি কৰিছে জানেনে, চিলাই মেচিন ৷ বাক্সা জিলাৰ জালাহ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল কণিষ্ঠ অভিযন্তা গৰাকী ৷ বুধবাৰে চিলাই মেচিন চুৰি কৰি থাকোতে হাতে-লোটে ধৰে ইউপিপিএলৰ কৰ্মীয়ে ৷ তাৰপাছতে সমগ্ৰ বাক্সা জিলাতে সৃষ্টি হৈছে বু-বু বা-বা ৷

অভিযোগ অনুসৰি জালাহ উন্নয়ণ খণ্ডৰ জয় দাস নামৰ কণিষ্ঠ অভিযন্তা গাকীয়ে 10 আগষ্টত কাৰ্যালয় ছুটি হোৱাৰ পাছতে বিয়লি গুদামঘৰৰ পৰা চাৰিটাকৈ চিলাই মেচিন চুৰিকৰিবলৈ লোৱাৰ সময়তে হাতে-লোটে ধৰে ইউপিপিএলৰ কৰ্মীয়ে ৷ ইউপিপিএলৰ কৰ্মী সকলে কণিষ্ঠ অভিযন্তা জনক হাতে-লোটে ধৰাৰ পাছতে প্ৰশাসনক সমগ্ৰ ঘটনাৰ বিষয় অৱগত কৰে ৷

চোৰ যেতিয়া অভিযন্তা হয়

লগতে পঢ়কঃ গাঁঁওবুঢ়াৰ নিযুক্তিক লৈ তিনিচুকীয়াত প্ৰতিবাদ

আনহাতে, চিলাই মেচিন চুৰি কৰা ঘটনাৰ 24 ঘন্টা পাৰ নৌহওঁতেই বিটিআৰ প্ৰশাসনে কণিষ্ঠ অভিযন্তা গৰাকীক তাৎক্ষণিক ভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰে ৷ উল্লেখযোগ্য যে, বুধবাৰে বিয়লি ভাগত জালাহ খণ্ড উন্নয়ন বিভাগৰ কাযালয়ত উপস্থিত হৈ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কাৰ্যালয় কৰ্তৃপক্ষৰ হাতত অপৰ্ণ কৰে কণিষ্ঠ অভিযন্তা গৰাকীৰ নিলম্বন প্ৰত্ৰ ৷

যেতিয়ালৈকে এই চুৰি কাণ্ডৰ তদন্ত শেষ নহয় তেতিয়ালৈকে অভিযুক্ত কনিষ্ঠ অভিযন্তা গৰাকীক নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিয়ে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ লগতে এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি সদৰি কৰে ৰাকেশ ব্ৰহ্মই ৷ ইপিনে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে, য়েতিয়ালৈকে বিটিআৰত ইউপিপিএল দলৰ চৰকাৰ থাকে তেতিয়ালৈকে কোনো ধৰণৰ দুৰ্নীতি আৰু অনিয়ম সংঘটিত হ’বলৈ দিয়া নহ’ব ৷

সকলো চৰকাৰী বিষয়াক দুৰ্নীতি তথা অনিয়ম সংঘটিত নকৰিবলৈ আহ্বান জনাই বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ সম্প্ৰতি কণিষ্ঠ অভিযন্তা গৰাকীয়ে এই সমগ্ৰ কাণ্ড সংঘটিত কৰা বুলি নিজে মুখে স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !

Last Updated : Aug 12, 2021, 8:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.