ETV Bharat / state

এধানি সহায়ৰ অপেক্ষাত ছমাহে বিচনাত পৰি থকা সম্ভল - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

এক দুৰ্ঘটনাত পতিত হৈ সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এগৰাকী যুৱকক লাগে ৰাইজৰ এধানি সহায়ৰ হাত । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ হোৱা হেতুকে যোৱা ছমাহে বিচনাত পৰি থাকিবলগীয়া হৈছে বাক্সা জিলাৰ উপৰখুটি গাঁৱৰ অসহায় যুৱক গৰাকী ।

ছমাহে বিচনাত পৰি থকা সম্ভল
ছমাহে বিচনাত পৰি থকা সম্ভল
author img

By

Published : Jul 15, 2020, 4:14 PM IST

বাক্সা, 15 জুলাই: বিগত ছমাহ পূৰ্বে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল বাক্সা জিলাৰ উপৰখুটিৰ নিৱাসী সম্ভল নাৰ্জাৰী (22) নামৰ যুৱকজন । উপৰখুটি গাঁৱৰ অৰুণ নাৰ্জাৰী নামৰ আৰ্থিকভাৱে দুৰ্বল এগৰাকী কৃষকৰ পুত্ৰ যুৱকগৰাকী যোৱা ছমাহে অসহায়ভাৱে পৰি আছে বিচনাত । সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সম্ভলক প্ৰথমাৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও,কোনো সুফল নাপালে তেওঁ । যুৱকজনক সম্প্ৰতি প্ৰয়োজন উন্নতমানৰ চিকিৎসাৰ । কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱকজনক চিকিৎসা প্ৰদান কৰিবলৈ পৰিয়ালৰ হাতত নাই পৰ্যাপ্ত ধন ।

এধানি সহায়ৰ অপেক্ষাত ছমাহে বিচনাত পৰি থকা সম্ভল

পুত্ৰক উন্নত চিকিৎসা প্ৰদানত অসমৰ্থ পৰিয়ালটোক সহায়ৰ বাবে এতিয়া ওলাই আহিছে একাংশ স্থানীয় লোক । অসহায় পৰিয়ালটোক সহায়ৰ বাবে অঞ্চলটোৰ নতুনকৈ স্থাপিত দেউচুঙা য়ুথ ক্লাৱ সদস্য সকলে আৰম্ভ কৰিছে ধন সংগ্ৰহ । সম্ভলৰ উন্নত চিকিৎসাৰ বাবে অঞ্চলটোৰ অম্বৰীশনগৰ,বাঙালীপাৰা,অমৰ চক, উপৰখুটি বজাৰ চক আদিৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা তেওঁলোকে হাতে হাতে দানপাত্ৰ লৈ নামি পৰিছে ধন সংগ্ৰহত । কিয়নো আজি পৰ্যন্ত অসহায় পৰিয়ালটোৱে পোৱা নাই কোনো ধৰণৰ চৰকাৰী সুবিধা। সেয়েহে ক্লাৱটোৰ সদস্য সকলে সম্প্ৰতি ৰাইজকো আহ্বান জনাইছে অসহায় পৰিয়ালটোক এধানি সহায়ৰ হাত আগবঢ়াবলৈ। কোনো লোকে যদি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে,থুনাশ্ৰী নাৰ্জাৰীৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া মহৰিপাৰা শাখাৰ একাউন্ট নম্বৰ 3962654528, IFSC কোড: CBIN0282253 ত কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৰ লগতে ক্লাৱক সদস্য সকলে ।

লগতে পঢ়ক: বাঢ়নী পানীত ডুবি ছাত্ৰৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.