ETV Bharat / state

নিৰ্বাচন মানে কি নজনা এখন গাঁও ! - একবিংশ শতিকা

একবিংশ শতিকাৰ এখন আদিবাসী গাঁও ৷ খৰি বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে গাঁৱখনৰ বাসিন্দাই ৷ এতিয়াও বিদ্যুতৰ যোগানৰ পৰা বিৰত তেওঁলোক ৷ ক'ত আছে সেই গাঁও ?

এখন গাঁও
এখন গাঁও
author img

By

Published : Aug 22, 2020, 2:35 PM IST

বাক্সা, 22 আগষ্ট: বৰ্তমানেও উন্নয়নৰ মুখ নেদেখা সেই গাঁওখনৰ নাম ভূটান খুটী ৷ ভাৰত-ভূটান সীমান্তত অৱস্থিত ভূটান খুটী গাঁৱৰ লোকসকল আজিও বঞ্চিত হৈ আছে ন্যূনতম উন্নয়নৰ পৰাও ৷ খৰি বিক্ৰী কৰি নাইবা, শাক-পাচলি বিক্ৰী কৰি সেই গাঁৱৰ বাসিন্দাসকলে পৰিয়াল পোহপাল দি আছে যদিও,সেইয়া পৰ্যাপ্ত নহয় তেওঁলোকৰ বাবে ৷ গাঁওখনত আছে প্ৰায় 20 ৰ পৰা 30 ঘৰ পৰিয়াল ৷ প্ৰতিদিনেই তেওঁলোকে পাহাৰৰ পৰা খৰি আনি,প্ৰায় ৭-৮ কিলোমিটাৰ দূৰ খোজকাঢ়ি বা চাইকেলেৰে সেইবোৰ লৈ যায় বজাৰত বিক্ৰী কৰিবলৈ ৷ ন্যূনতম যাতায়াতৰ সুবিধাৰ পৰাও আনকি বঞ্চিত তেওঁলোক ৷

উন্নয়নৰ মুখ নেদেখা গাঁওখনৰ নাম ভূটান খুটী

স্থানীয় ৰাইজৰ অভিযোগ তেওঁলোকে আজি পৰ্যন্ত পোৱা নাই চৰকাৰৰ কোনো সুবিধা ৷ কেইটামান পৰিয়ালক বাদ দি গাঁৱখনৰ অধিকাংশ পৰিয়ালৰে ঘৰত নাই বিজুলীবাতিৰ ব্যৱস্থা ৷ আচৰিত যেন লাগিলেও বিজ্ঞান-প্ৰযুক্তিৰ দৌৰাত্ম্যৰ দিনটো গাঁৱখনৰ লোকে এনে ধৰণৰ বহু সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰিলে সংবাদ মাধ্যমযোগে ৷ কোনো এখন চৰকাৰী আঁচনিয়ে আজি পৰ্যন্ত ঢুকি নাপালে গাঁৱখনৰ লোকক ৷ তেওঁলোকৰ খবৰ ল'বলৈয়ো আজি পৰ্যন্ত অহা নাই কোনো জন প্ৰতিনিধি কিম্বা প্ৰশাসনৰ লোক ৷ কেৱল এয়াই নহয় ৷ শুনিলে বা জানিলে আপুনিও আচৰিত হ'ব যে,নিৰ্বাচন মানে কি সেই কথাও আনকি নাজানে গাঁওখনৰ লোকে ৷

নিৰ্বাচন মানে কি নজনা এখন গাঁও !

যি সময়ত চৰকাৰে ভাৰতক উন্নতিৰ পথত অগ্ৰসৰ কৰিবলৈ ভিন্ন আঁচনি হাতত লৈ আহিছে তেনে সময়তে একেখন ভাৰতৰে কোনোবাটো কোণত এনে এখন গাঁও থকাৰ বিষয়টো বাৰুকৈয়ে আচৰিত ৷ আৰ্থিকভাৱে দুৰ্বল লোকৰ হিতৰ বাবে চৰকাৰে ভিন্ন আঁচনি হাতত লৈছে আৰু সেই আঁচনিৰ পৰা সকাহো লাভ কৰিছে বহু লোকে ৷ কিন্তু দেশৰ প্ৰতিটো কোণতে উন্নয়ন সাধন কৰাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি যেন আজিও আধৰুৱা ৷ এতিয়া প্ৰশ্ন হয় ভূটান খুটীৰ দৰে দেশৰ আন আন প্ৰান্তত থকা এনে গাঁৱসমূহৰ লোকক ঢুকি পাবনে চৰকাৰৰ আঁচনিয়ে ?

লগতে পঢ়ক: 'স্বচ্ছ সৰ্বেক্ষণ-২০২০’ সন্দৰ্ভত পীযুষ হাজৰিকাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.