বাক্সা,17এপ্ৰিলঃ 1বছৰ 2বছৰ নহয় বিগত 12 বছৰেই সামাজিক দুৰত্ব বজাই ৰখা এগৰাকী ব্যক্তি৷12 বছৰেই জীৱন-নিৰ্বাহ কৰি আহিছে এজোপা গছৰ ওপৰত ৷ শুনিবলৈ আচৰিত হ'লেও এইয়াই সত্য আৰু এই ঘটনা এইখন অসমৰে বাক্সা জিলাৰ ৷ বাক্সা জিলাৰ পাগলাদিয়া নদীৰ পাৰত এজোপা গছত জীৱন-নিৰ্বাহ কৰা ব্যক্তিগৰাকী হৈছে বিজয় ব্ৰহ্ম ৷ ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিজয় ব্ৰহ্মই জানিবলৈ দিয়ে যে ,12 বছৰ আগতে নিজ পত্নীয়ে তেওঁক এৰি থৈ গুচি যোৱাৰে পৰা তেওঁ সকলোৰে পৰা আঁতৰি বাস কৰি আহিছে গছৰ ওপৰত ৷
আনহাতে,যিসময়ত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে সন্ত্ৰাস চলাই অহাৰ সমান্তৰালভাৱে দেশজুৰি অব্যাহত আছে লক ডাউন তেনে সময়ত কৰ'ণা ভাইৰাছ সন্দৰ্ভত বিজয় ব্ৰহ্মই মন্তব্য প্ৰকাশ কৰি কয় যে,"অকলেই বসবাস কৰে বাবে কৰ'ণা ভাইৰাছৰ সংক্ৰমণক লৈও তেওঁ চিন্তিত নহয় আৰু কৰ'ণা ভাইৰাছক লৈ তেওঁৰ কোনোধৰণৰ ভয়-শংকাও নাই"
লগতে পঢ়কঃকৰ্তব্যৰত আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ বেংক কৰ্মচাৰীৰ